জাজৰিঃ ভাষা-সাহিত্য-সংস্কৃতিৰ অনুষ্ঠান অৰুনোদয় সাহিত্য চ'ৰাৰ এক সাহিত্য পাঠ অনুষ্ঠান ৮ অক্টোৱৰৰ আবেলি নগাঁৱৰ হোমিওপেথিক চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। বিগত দিনত যি সকল ভাষা-সাহিত্য-সংস্কৃতিৰ সেৱকে ইহ সংসাৰ এৰি পৰলোক প্ৰাপ্তি হ’ল সেই সকলৰ প্ৰতি শ্ৰদ্ধা জনাই আৰম্ভ হোৱা সভাত সভাপতিত্ব কৰে চ'ৰাৰ সভাপতি হৰিদেৱ মহন্তই।

চ'ৰাৰ সম্পাদক মৃদুপৱন বৰাই অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে৷ অনুষ্ঠানত প্ৰতিভাৱান কবি-সাংবাদিক ৰাহুল দেৱ, দীপজ্যোতি বৰা, তৃষ্ণা বৰা, দীপজ্যোতি নাথ, মনোজ গোস্বামী, চন্দ্ৰ শইকীয়া, মায়া তালুকদাৰ, ৰীমামনি ভূঞা, কৰবী লিগিৰা, দেৱযানী শৰ্মা পাঠকে কাব্যপাঠ কৰে৷

তদুপৰি দিপাঞ্জু বৰাই গল্প আৰু জেষ্ঠ লেখক ভৱেশ মেধিয়ে প্ৰৱন্ধ পাঠ কৰি অনুষ্ঠানটো জিলিকাই তোলে৷ অনুষ্ঠানত শিল্পী পৰাণ দাসে বজোৱা লঘু সংগীতৰ সুৰত উপস্থিত সকলোকে মুহিত কৰে৷