লালুকঃ বৰশীৰ টোপ বিচাৰি আকাশ ঘুৰি ফুৰিছিল৷ গ্ৰীষ্ম বন্ধ বাবেই এই কেইদিন আকাশে বৰশী বাই সময় অতিবাহিত কৰি আহিছে৷ বৰশী বাই ভাল পোৱা আকাশ পঢ়া শুনাতো ভাল৷ আজি পুৱাই পিতৃৰ সৈতে বহু সময় অতিবাহিত কৰি আকাশে ওলাই গৈছিল বৰশীৰ টোপ বিচাৰি৷

নিজ ঘৰৰ পৰা কিছু নিলগৰ এতি পুখুৰীৰ পাৰত বৰশীৰ টোপ বিচাৰি যোৱাৰ পাছৰে পৰা বহু সময় আকাশ নোহোৱা হৈ থাকে৷ বহু সময়লৈ আকাশৰ খবৰ নাছিল যদিও পৰিয়ালটোলৈ আহিল এটি মৰ্মান্তিক খবৰ৷ যিটো খবৰে পৰিয়ালটোত ধুমুহাৰ সৃষ্টি কৰিলে৷

আকাশ পৰি আছে এটি পুখুৰীৰ পাৰত৷ লগে লগে চুবুৰীটোত হুৱা-দুৱা লাগে৷ আকাশ ৰায় পঞ্চম শ্ৰেণীৰ ছাত্ৰ৷ আজি বৰশী বাবলৈ টোপ বিচাৰি ফুৰোতে পূৰ্বৰে পৰা মাটিত পৰি থকা বিদ্যুতৰ তাঁৰত লাগি থিতাতে মৃত্যু হয় আকাশৰ।

বিদ্যুৎ পৰিষদে প্ৰায় ৩৪ গৰাকী লোকৰ প্ৰাণ ল'লে এতিয়ালৈ। ৰাজ্যত বানৰ কবলত পৰি যিমান লোকৰ মৃত্যু হ'ল তাতকৈ বেছি লোকৰ প্ৰাণ কাঢ়িলে অকামিলা বিদ্যুৎ পৰিষদে৷

সতীৰ্থ মন্ত্ৰীয়ে শিক্ষকৰ খতিয়ান ল'বলৈ অনুষ্ঠিত কৰা সভাত দাত নিকটাই হাঁহি হাঁহি শিক্ষকক অট্টহাস্য কৰা মন্ত্ৰী পল্লৱ লোচন দাসৰ বিভাগে এই বাৰ প্ৰাণ ল'লে পঞ্চম শেণীৰ ছাত্ৰ আকাশৰ ৷

শক্তি বিভাগৰ মন্ত্ৰী পল্লৱ লোচন দাসে নিজৰ বিভাগ সুচাৰুৰূপে চলাব নোৱাৰাৰ অভিযোগ উত্থাপন হৈ অহাৰ মাজতে লখিমপুৰ জিলাৰ বগীনদীৰ ১নং কাৱৈমাৰিৰ দুৰ্গা প্ৰসাদ ৰায়ৰ কণমানি পুত্ৰ তথা ১নং কাৱৈমাৰি প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ আাকাশ ৰায় বিদ্যুৎস্পৃষ্ট হৈ অকাল মৃত্যুক আকোৱালি লয়৷

কণমানি আকাশে বৰশী বাবলৈ টোপ বিচাৰি ফুৰোতে পূৰ্বৰে পৰা মাটিত পৰি থকা বিদ্যুতৰ তাঁৰত লাগি থিতাতে মৃত্যু হয়৷ ঘটনাটো বহু পলমকৈহে পোহৰলৈ আহে। কিয়নো শিশুটো বিদ্যুতৰ তাঁৰত লাগি পৰি থকা বিষয়টো কোনো লোকৰ দৃষ্টি গোচৰ হোৱা নাছিল৷ অৱশ্যে লখিমপুৰ জিলা উপায়ুক্তই ঘটনাটোৰ বিষয়ে জ্ঞাত হোৱাৰ লগে লগে শিশুটিৰ গৃহত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়৷