
বৰপেটাঃ দহ হাজাৰ ধৰ্মীয় সংখ্যালঘু ৰাইজক লগত লৈ চেঙা সমষ্টিৰ প্ৰাক্তন বিধায়ক লিয়াকৎ আলী খানে বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। এই উপলক্ষে বহৰি মিনি ষ্টেডিয়ামত ভাৰতীয় জনতা পাৰ্টীৰ বৰপেটা জিলাৰ উদ্যোগত অনুষ্ঠিত হোৱা বিশাল যোগদান কাৰ্যসূচীত দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে প্ৰাক্তন বিধায়ক লিয়াকৎ আলী খানক বিজেপি দলৰ মজিয়ালৈ আদৰি আনে।
বৰপেটা জিলাৰ বিজেপিৰ সভাপতি শংকৰ চন্দ্ৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত উপস্থিত থাকি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে কংগ্ৰেছে দেশত সদায় শোষণৰ ৰাজনীতি কৰি আহিছে। দলটোৱে সদায় জাতি-ধৰ্ম-সম্প্ৰদায়ৰ নামত ৰাজনীতি কৰি আহিছে। কংগ্ৰেছৰ শাসন কালতে ৰাজ্যৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হৈছিল। কিন্তু বিজেপি শাসনলৈ অহাৰ পাছতে জাতি-জনগোষ্ঠীৰসমূহৰ মাজত আগতে হোৱা এই সাম্প্ৰদায়িক সংঘৰ্ষবোৰ নোহোৱা হৈ পৰিছে।
তেওঁ আৰু কয় যে কংগ্ৰেছ এতিয়া অচল নোটলৈ ৰূপান্তৰিত হৈছে। এই কংগ্ৰেছ দলে ভৱিষ্যতলৈ কেতিয়াও শাসনলৈ আহিব নোৱাৰে বুলি উল্লেখ কৰি মন্ত্ৰী শৰ্মাই কয় যে ধেমাজি, লখিমপুৰ, বৈঠালাংছ', কাৰ্বি আংলং আদি হৈ যোৱা নিৰ্বাচনে ইয়াৰ শেহতীয়া উদাহৰণ বুলিও উল্লেখ কৰে।
ইপিনে মহাত্মা গান্ধীৰ পাছত পণ্ডিত দীনদয়াল উপাধ্যায়ে অন্ত্যোদয়াৰ জৰিয়তে দুখীয়া লোকসকলৰ অন্ন, শিক্ষা, কৰ্মসংস্থাপন আদিৰ ব্যৱস্থা কৰাৰ কথা কৈছিল বুলি উল্লেখ কৰি দীনদয়াল উপাধ্যায়ৰ এই আদৰ্শৰ প্ৰতি সন্মান জনাই অসম চৰকাৰে সংখ্যালঘু ছাত্ৰীসকলকৰ বাবে আঠখন মহাবিদ্যালয় স্থাপনৰ কথাও সদৰী কৰে মন্ত্ৰী শৰ্মাই। এইবাৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ কিতাপ বিনামূলীয়া কৈ প্ৰদান কৰাৰ উপৰিও স্নাতক বৰ্ষত নামভৰ্তিও বিনামূলীয়া হ'ব বুলি মন্ত্ৰী শৰ্মাই জানিবলৈ দিয়ে।
আনহাতে অহা ২ অক্টোবৰৰ পৰা অটল অমৃত যোজনা আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হ'ব বুলি জানিবলৈ দি মন্ত্ৰী শৰ্মাই ইতিমধ্যে ৬ হাজাৰ কৰ্কট ৰোগীক এই আঁচনিৰ অধীনত ২ লাখ টকাকৈ বিতৰণ কৰা হৈছে বুলি কয়।
আজি বিজেপি দলত যোগদান কৰা চেঙা সমষ্টিৰ প্ৰাক্তন বিধায়ক লিয়াকৎ আলী খানক এজন প্ৰকৃত সমাজকৰ্মী বুলি মন্ত্ৰী শৰ্মাই অভিহিত কৰে। সভাত দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসেও লিয়াকৎ আলী খানৰ আগমনে সংখ্যালঘু এলেকাত আগন্তুক দিনত বিজেপিক অধিক শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰে।
বিজেপি দলত যোগদান কৰি প্ৰাক্তন বিধায়ক লিয়াকৎ আলী খানে কয় যে সংখ্যালঘু ৰাইজে বিজেপিৰ নাম শুনিলেই বিষ খোৱা যেন অনুভৱ হয়। বিজেপি শাসনলৈ অহাৰ পাছতে সংখ্যালঘু ৰাইজ অসমৰ পৰা বিদায় ল'ব লাগিব, সংখ্যালঘু ৰাইজৰ ওপৰত অত্যাচাৰ চলিব আদি বিভ্ৰান্তিকৰ বাতৰিবোৰ বিয়পাই দিয়া হৈছে। এইবোৰ বাতৰি কংগ্ৰেছ-এ আই ইউ ডি এফ দলে সংখ্যালঘু লোকসকলৰ মাজত বিয়পাই দি ৰাজনৈতিক মুনাফা অৰ্জন কৰাৰ চেষ্টা চলাইছে বুলি তেওঁ মন্তব্য কৰে।
আনহাতে, তেওঁ ৩৫ বছৰীয়া ৰাজনীতিত কেতিয়াও দুৰ্নীতিত লিপ্ত হোৱা নাই বাবেই সমষ্টিটোৰ সৰহসংখ্যক ভোটাৰ তেওঁৰ লগত এতিয়াও আছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।
সভাত সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি মুক্তাৰ হুছেইন, সম্পাদিকা চালমা জেছমিন, ৰাজ্যিক উপ-সভাপতি তৌফিক ৰহমান, অসম বিত্তীয় নিগমৰ অধ্যক্ষ বিজয় গুপ্তা, অসম ঔদ্যোগিক নিগমৰ অধ্যক্ষ জিতু তালুকদাৰ, বৰখেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকা, সনাই সমষ্টিৰ বিধায়ক আমিনুল হক লস্কৰ, বৰপেটা জিলাৰ সভাপতি সম্পাদককে ধৰি ভালেসংখ্যক নেতা-কৰ্মী উপস্থিত থাকে। এই সভাতে চেঙা মুছলমানপাৰা গাওঁ পঞ্চায়তৰ যুৱ কংগ্ৰেছৰ সম্পাদক তথা প্ৰাক্তন সাংবাদিক মবিন আলীয়েও বিজেপি দলত যোগদান কৰে।