নগাঁওঃ নগাঁও আৰু মৰিগাঁও জিলাৰ সীমান্তৱৰ্তী গ্ৰামাঞ্চলবোৰত শেহতীয়াভাৱে বিদ্যুৎ যোগানৰ নামত চৰম অৰাজকতাৰ সৃষ্টি হোৱাত অঞ্চলবাসী ৰাইজ ক্ষোভিত হৈ পৰিছে ৷

প্ৰাপ্ত খবৰ মতে, জিলা দুখনক স্পৰ্শ কৰি থকা সীমান্তৱৰ্তী গাঁওবোৰত নিশাৰ কথা বাদেই দিনৰ ভাগতো বহুবাৰ বিদ্যুতে লুকা-ভাকু প্ৰদৰ্শন কৰি অহাত সৰ্বস্তৰৰ লোকসকল অভাৱনীয় সমস্যাৰ সন্মুখীন হ’বলগীয়াত পৰিছে৷ ঘাইকৈ ক্ষুদ্ৰ ব্যৱসায়ী, ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ নানা সমস্যা সমাধানৰ বেলিকা বিদ্যুতৰ এনে লুকা-ভাকুৱে প্ৰতিবন্ধকতাৰ উদ্ভৱ ঘটাইছে ৷

বিগত নিৰ্বাচনত পৰিৱৰ্তনৰ ঢৌত উটি-ভাহি কংগ্ৰেছৰ ভেটি তচনচ কৰি ৰাজ্যত বিজেপি দলক চৰকাৰ গঠনৰ সুবিধা প্ৰদান কৰিলেও সম্প্ৰতি নতুন চৰকাৰখনে এবছৰকাল অতিক্ৰম কৰাৰ পিছতো সীমান্তৱৰ্তী অঞ্চলৰ এইসকল ৰাইজে ন্যূনতম সাধাৰণ সা-সুবিধাসমূহকে পোৱাৰ ক্ষেত্ৰত আশাব্যঞ্জক সঁহাৰি লাভ নকৰাত সকলোৰে মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

এইক্ষেত্ৰত জিলা দুখনৰ এইসকল গঞাৰ বেলিকা ঘাইকৈ জিলা আৰু সমষ্টিৰ ভিন্নতাই নানা সমস্যাৰ সৃষ্টি হোৱাত যথেষ্ট অৰিহনা যোগাই আহিছে ৷ জিলা দুখনৰ সীমান্তৱৰ্তী গঞা ৰাইজক বিদ্যুৎ যোগান ধৰে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ চৰাইবাহী বিদ্যুৎ উপ-সংমণ্ডল কাৰ্যালয়ে৷

কিন্তু এই কাৰ্যালয় মৰিগাঁও জিলাত হোৱাৰ বিপৰীতে ই আকৌ নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত৷ ইফালে,জনসাধাৰণৰ তুলনাত সৰহ সংখ্যক বিভিন্ন দল-সংগঠনৰ নেতা-পালিনেতাই গিজগিজাই থকা জিলা দুখনৰ সীমান্তৱৰ্তী অঞ্চলবাসী গঞাৰ আজিকোপতি বিভিন্ন সমস্যাৰ লগতে অতি প্ৰয়োজনীয় বিদ্যুতৰ সমস্যাটোৱেই সমাধান নোহোৱাটো একপ্ৰকাৰ লজ্জাজনক বুলি ৰাইজে তীৰ্যক মন্তব্য প্ৰকাশ কৰিছে৷

কাৰণ মাত্ৰ এজাক সাধাৰণ বতাহ বা বৰষুণতে বিজুলী যোগান ব্যাহত হৈ পৰাতো উক্ত অঞ্চলবোৰত সম্প্ৰতি অঘোষিত নিয়মত পৰিণত হৈছে ৷ যাৰ ফলত বিদ্যুৎ বিভাগৰ এনে দায়িত্বজ্ঞানহীন কাণ্ডৰ বাবেই জিলা দুখনৰ উক্ত অঞ্চলবোৰত কেৰাচিনৰ অপৰিহাৰ্যতাৰ পূৰ্ণ অচিলা লৈ সুলভ মূল্যৰ কেৰাচিনৰ চোৰাং বেহা ৰমৰমীয়াকৈ গঢ়ি তুলিছে এক অসাধু চক্ৰই ৷

অভিযোগ মতে, এই অসাধু চক্ৰটোৱে বিদ্যুতৰ শোচনীয় সেৱাৰ কৃপাতেই উক্ত গ্ৰামাঞ্চলবোৰত নিৰ্বিঘ্নে সুলভ মূল্যৰ কেৰাচিন চৰম মইমতালিৰে প্ৰতি লিটাৰত ৫০--৬০ টকাকৈ বিক্ৰী কৰি আহিছে ৷ কাজেই, এনে পৰিস্থিতিত দৈনিক শ্ৰমিকৰূপে কাম কৰি জীৱিকা নিৰ্বাহ কৰা দৰিদ্ৰ গঞা ৰাইজৰ বাবে ক’লা বজাৰৰ পৰা চৰা দামত কেৰাচিন ক্ৰয় কৰি জীৱন ধাৰণ কৰাৰ ক্ষেত্ৰত কেনে সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়, সেয়া সহজেই অনুমেয় ৷

গতিকে বিদ্যুতৰ এনে সঘন লুকা-ভাকু ৰোধ কৰি বিদ্যুৎ যোগান নিয়মীয়াকৰণেৰে সাধাৰণ জীৱন-যাপন সহায়ক হোৱাকৈ প্ৰয়োজনীয় কাৰ্যকৰে পদক্ষেপ গ্ৰহণৰ দাবী জনাইছে ভুক্তভোগী ৰাইজে ৷