
শিমলুগুৰিঃ ৰাজ্যৰ বিল, খাল, পুখুৰী পথাৰত উভৈনদী হৈ থকা থলুৱা মাছবোৰ লাহে লাহে নোহোৱা হবলৈ ধৰিছে৷ ৰাজ্য খনৰ সম্পদ স্বৰূপ থলুৱা মাছ সমুহ হয়তো এদিন অসমৰ বুকুৰ পৰা হেৰাই যাব৷ পুৰ্বে বহু প্ৰজাতিৰ মাছ গাঁৱৰ পথাৰত নাইবা পুখুৰী, দোং, আদিত পোৱা গৈছিল৷
বহু প্ৰজাতিৰ মাছ সমূহ বিলুপ্ত হব ধৰাৰ সময়তে ভৰ বাৰিষা নৈ, নিজৰা, পুখুৰী পানীৰে ভৰি থকাৰ সময়তে শিৱসাগৰ জিলাৰ শিমলুগুৰীত অগণন থলুৱা মাছৰ মৃত্যু হোৱাত জিলা খনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ জিলা খনৰ লাকুৱাৰ গোহাইজানত কীটনাশক দ্ৰব্য পানীত মিহলা হোৱাৰ ফলত শ শ থলুৱা মাছ পানীত ওপঙি উঠে৷ লাকুৱা চাহ বাগিছা কৰ্তৃপক্ষৰ দায়িত্বজ্ঞানহীনতাৰ বাবে মাছ সমূহ মৰি ওপঙি উঠা বুলি অভিযোগ উত্থাপন হয়৷
বাগিছাৰ শ্ৰমিকে বৰষুণৰ মাজতে জধে মধে চাহ গছত কীটনাশক ছটিয়াই৷ চাহ গছত ছটিওৱা কীটনাশক বাগিছাৰ নলাত পৰে৷ বাগিছাৰ নলাৰ পানী আহি ওচৰৰ পথাৰত পৰাত শ শ থলুৱা মাছ মৰি ওপঙি উঠে৷ আজি পুৱাই বাগিছাৰ ওচৰৰ গোহাঁইজান জানত মাছ ওপঙি থকা প্ৰত্যক্ষ কৰে৷
একাংশ লোকে বাগিছাৰ কৰ্মচাৰীয়ে কীটনাশক পেলাই দিব পাৰে বুলিও সন্দেহ কৰে৷ সেই পানী এতিয়া পশুধনৰ বাবেও বিপদজনক হৈ পৰিছে। তাহানিৰ ৰৌ, বাহু, মিৰিকা, চিতল, মালি, ইলিচ, খৰীয়া, পিঠিয়া, শ’ল, শাল, শিলঘৰীয়া, নাদনী ভাঙন, গৰৈ, চেঙা,চেঙেলী, বামী, তোৰা, গেদগেদী, কুচীয়া, বৰলীয়া, কলীয়াজৰা, কুঢ়ি, গঙাটোপ, কাৱৈ, মিছা, কান্ধুলি আদি মাছ নোহোৱা হ’ব ধৰাৰ সময়তে এনেদৰে মাছ মৰা কাৰ্যক সহজে লব পৰা নাই অঞ্চলটোৰ ৰাইজে৷