ধুবুৰীঃ ৰাজ্যৰ প্ৰায় ২৬ খন জিলা বানৰ কবলত পৰি হাহাকাৰ কৰি থাকিব লগীয়া হৈছে৷ জিলা কেইখনত শেহতীয়াকৈ বানৰ পানি শুকাল যদিও এতিয়া ন’ ন’ সমস্যাই আগুৰি ধৰিছে ৰাইজক৷ বিশুদ্ধ খোৱা পানী, থাকিবলৈ ঠাই, বস্ত্ৰ, অন্ন, লৰা-ছোৱালীৰ কিতাপ-পত্ৰ আদিৰ সমস্যাত ৰাইজৰ দিন নাযায়, ৰাতি নুপুৱাই অৱস্থা৷  

ইয়াৰ মাজতে কেইখনমান জিলাত খৰাখহনীয়াই আতংকগ্ৰস্ত কৰি তুলিছে ৰাইজক৷ মৰিগাঁও, নগাঁও, ধুবুৰী আদি জিলাত ব্যাপত গৰাখহনীয়ই নিদ্ৰা হৰণ কৰিছে ৰাইজৰ৷ ৰাজ্য চৰকাৰে বান আৰু গৰাখহনীয়াৰ ক্ষতিগ্ৰস্তক পৰ্য্যাপ্ত সাহায্য নিদিয়াৰ অভিযোগ উত্থাপন হৈছে৷

গৰাখহনীয়া ৰোধ কৰাৰ বাবেও চৰকাৰে ব্যৱস্থা নকৰাৰ অভিযোগ উত্থাপন হোৱাৰ মাজতে ধুবুৰী জিলাৰ বৃহত্তৰ জৰুৱা-বন্দিহানা অঞ্চলত ব্ৰহ্মপুত্ৰ নৈত তীব্ৰ খহনীয়াৰ সৃষ্টি হোৱাৰ পাছতো স্থানীয় প্ৰশাসন, সাংসদ, বিধায়কে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷

তীব্ৰ খহনীয়া ৰোধ কৰাৰ বাবে চৰকাৰ তথা জনপ্ৰতিনিধিয়ে কোনোধৰণৰ গুৰুত্ব আৰোপ নকৰাত উপায়ন্তৰ হৈ ৰাইজে গাঁঠিৰ ধন ভাঙি শ্ৰম দান কৰি মথাউৰি নিৰ্মাণ কৰিবলৈ ওলাই আহে৷ বিগত কেইবা দিন ধৰি ৰাইজে বাঁহ সংগ্ৰহ কৰি দেওবাৰৰ পৰা যুদ্ধকালীন তৎপৰতাৰে ব্ৰহ্মপুত্ৰক ভেটাৰ প্ৰচেষ্টা চলায় যদিও ব্যৰ্থ হয়।

নৈৰ সোঁত বৃদ্ধি হোৱাৰ বাবে বাঁহ পুতিবলৈ যোৱা লোকসকলক উটুৱাই নিয়াৰ উপক্ৰম হয়। খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰাটো দূৰৰ কথা খবৰ লবলৈ আহৰি নোপোৱা সাংসদ বদৰুদ্দিন আজমল আৰু বিধায়ক ৱাজেদ আলী চৌধুৰী মুৰ্দাবাদ ধ্বনিৰে আকাশ-বতাহ কঁপাই তোলে বানাক্ৰান্ত ৰাইজে।

খহনীয়া প্ৰতিৰোধৰ বাবে বিজ্ঞানসন্মতভাৱে মথাউৰি নিৰ্মাণ নকৰিলে তীব্ৰ গণ আন্দোলন গঢ়ি তোলাৰ লগতে অঞ্চলটোত স্থানীয় সাংসদ-বিধায়কৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ হুংকাৰ প্ৰদান কৰে ৰাইজে৷ আনহাতে মথাউৰিৰ পাৰৰ ৰাইজৰ বিননি সাংসদ বদৰুদ্দিন আজমল আৰু বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে শুনিবনে বুলি ৰাইজে প্ৰশ্ন উত্থাপন কৰে৷