খাৰুপেটীয়াঃ বিগত দুমাহ ধৰি সন্ধানহীন হৈ থকা দৰং জিলাৰ তথ্য আৰু প্ৰযুক্তি বিষয়া তথা খাৰুপেটীয়া নগৰৰ বাসিন্দা সুব্ৰত সাহাক বিচাৰি উলিয়াবলৈ ব্যৰ্থ হোৱাত আজি প্ৰসাশনৰ বিৰুদ্ধে খপাৰুপেটীয়াৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত এক বিশাল প্ৰতিবাদী সমদল উলিয়ায়।

যোৱা ১৬ মাৰ্চত বিভাগীয় এটি সাক্ষাতকাৰ দিবলৈ গৈ গুৱাহাটীৰ এখন হোটেলৰ পৰা নিৰুদ্দেশ হৈছিল তথ্য আৰু প্ৰযুক্তি বিষয়া সূব্ৰত সাহা।

দৰং জিলাৰ উপায়ুক্ত কাৰ্যালয়ত থকা নেশ্যনেল ইনফৰমেশ্যন চেণ্টাৰৰ জিলা তথ্য প্ৰযুক্তি বিষয়া সুব্ৰত সাহা ৰহস্যজনকভাৱে সন্ধানহীন হোৱাৰ দুমাহৰ পিছতো সন্ধান উলিয়াবলৈ সমৰ্থ নোহোৱাত ক্ষোভ উজাৰিছে পৰিয়ালৰ লোকসকলৰ লগতে সমগ্ৰ খাৰুপেটীয়াবাসীয়ে।

আজি সুব্ৰতৰ মাতৃয়ে বহু দিনৰ পৰা পুত্ৰক নাপায় কান্দোনত ভাগি পৰে আৰু প্ৰশাসনক যিকোনো প্ৰকাৰে সন্ধান উলিওৱাৰ ব্যৱস্থা কৰিবলৈ কৰযোৰে অনুৰোধ কৰে। ইফালে ১৫ দিনৰ ভিতৰত সুব্ৰতক উলিয়াই নিদিলে অনিৰ্দিষ্টকালী খাৰুপেটীয়া বন্ধৰো ভাবুকি দিয়ে ৰাইজে।