21
Sep
2017

কামপুৰঃ আজি কামপুৰ আৰক্ষীয়ে কামপুৰ নগৰৰ পৰা বৃহৎ পৰিমানৰ চুলাই মদ জব্দ কৰিবলৈ সক্ষম হয়৷ কামপুৰ নগৰত বিক্ৰীৰ বাবে আনি থকা অৱস্থাত আৰক্ষীয়ে কামপুৰৰ চৰাইহাগীৰ পৰা জব্দ কৰে চুলাইখিনি।
উল্লেখ্য যে, নগাওঁ জিলাৰ দক্ষিণ পশ্চিম অঞ্চলটোকে ধৰি কামপুৰ থানাৰ বিভিন্ন এলেকাত দিনক দিনে বৃদ্ধি পাই আহিছে দেশীয় আৰু বিদেশী সুৰাৰ অবাধ বেহা। চকু মুদা কুলিৰ ৰূপ ধাৰণ কৰি আহিছে আৱকাৰী বিভাগ। প্ৰতিদিনে কামপুৰৰ বিভিন্ন গ্ৰামাঞ্চলৰ পৰা প্ৰায় হাজাৰ লিটাৰ মদ কামপুৰ নগৰত বিক্ৰী হৈ আছে যদিও নীৰৱ দৰ্শক হৈ বহি আছিল কামপুৰৰ প্ৰশাসন।
বৃহস্পতিবাৰে চাইবুক গাঁৱৰ পৰা As-02E-7172 নম্বৰৰ এখন টাটা মেজিকত কামপুৰলৈ বুলি প্ৰায় ১৫শ লিটাৰ চুলাই মদ আনি থকা অৱস্থাত কামপুৰ আৰক্ষীয়ে চৰাইহাগীত গোপন খবৰৰ ভিত্তিত অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয়। চুলাই মদৰ ব্যৱসায়ী চাৰিজনকো আটক কৰে আৰক্ষীয়ে।