
newsnextone.com | লিডুঃ মঙলবাৰে ডিগবৈস্থিত অইল ইণ্ডিয়া লিমিটেডৰ কাৰ্যালয়ৰ মুখ্য প্ৰৱেশদ্বাৰত স্থানীয় শতাধিক স্থানীয় যুৱকে প্ৰতিবাদ সাব্যস্ত কৰি স্থানীয় যুৱকক ঠিকাৰৰ অধিনত মজদুৰ হিচাপে নিয়োগ কৰাৰ দাবী জনায়। ডিগবৈ চহৰৰ সমীপৰে খেৰজান-ঢেকীয়াজন অঞ্চলৰ প্ৰায় শতাধিক যুৱকে অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য প্ৰৱেশ দ্বাৰ বন্ধ কৰি উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে।
দীৰ্ঘ সময় ধৰি অইল ইণ্ডিয়া লিমিটেডৰ ডিগবৈস্থিত অইল ফিল্ডত অইলৰ ঠিকাদাৰসকলে স্থানীয় নিবনুৱাক নিযুক্তি দিয়াৰ দাবী জনায় অহাৰ লগতে সময়ে সময়ে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও অইল কৰ্তৃপক্ষই গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছে।
স্থানীয় যুৱকক প্ৰতাৰণা কৰি অহাৰ লগতে বাহিৰৰ যুৱকক নিযুক্তি দি অহাত খেৰজান-ঢেকীয়াজন অঞ্চলৰ যুৱকসকলে দলে বলে ওলাই আহি পুৱাৰে পৰা তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়। সুদীৰ্ঘ সময় ধৰি খেৰজান-ঢেকীয়াজন অঞ্চলৰ শ্ৰমিকক কৰ্মৰ পৰা বঞ্চিত কৰাৰ লগতে বিপদসংকুল পৰিবেশত কোনো সুৰক্ষা নোহোৱাকৈ শ্ৰমিক নিয়োজিত কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দি শীঘ্ৰেই স্থানীয় যুৱকসকলৰ নিযুক্তি দিয়াৰ দাবী জনায়।
কিছু দিনৰ আগতে খেৰজান-ঢেকীয়াজন অঞ্চলৰ প্ৰায় শতাধিক যুৱ সমাজে ডিগবৈৰ অইল ফিল্ডৰ মুখ্য প্ৰৱেশ দ্বাৰত প্ৰতিবাদ সাব্যস্ত কৰিছিল যদিও বিভাগীয় কৰ্তৃপক্ষই বিহিত ব্যৱস্থা গ্ৰহণ নকৰাত পুনৰ ক্ষোভিতহৈ অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হয় স্থানীয় যুৱক। প্ৰায় ২ ঘন্টা প্ৰতিবাদ সাব্যস্ত কৰাত অইলৰ কাম কাজ স্তদ্ধ হৈ পৰাl