
ৰঙিয়াঃ ৰঙিয়াত দুৰ্বৃত্তৰ সন্ত্ৰাস অব্যাহত আছে৷ এক কথাত কবলৈ গলে ৰঙিয়া হৈ পৰিছে দুৰ্বৃত্তৰ ৰম্যভূমি৷ নিৰাপত্তা ব্যৱস্থাক বুঢ়া আঙুলি দেখুৱাই যেতিয়া ইচ্ছা তেতিয়াই যিকোনো লোকক লুটি নিব পাৰে দুৰ্বৃত্তই৷ এইবাৰ জালত পৰিল প্ৰক্তন আছু নেতা৷ কামৰূপ জিলা আছুৰ অধীনৰ পুঠিমাৰি আঞ্চলিক সমিতিৰ সভাপতি মজিবুৰ ৰহমানক বৃহস্পতিবাৰে নিশা লুটি নিয়ে৷
ৰঙিয়া ব্যৱসায়ী সন্থাৰ সম্পাদক তথা প্ৰাক্তন আছুৰ নেতা মজিবুৰ ৰহমানে বৃহস্পতিবাৰে নিশা ৰঙিয়া চহৰৰ পৰা দোকান বন্ধ কৰি নিজ গৃহলৈ গৈ থকাৰ সময়ত বাইকত অহা চাৰিজনীয়া দুৰ্বৃত্তৰ দলে লুটি নিয়ে৷ জানিব পৰা মতে, নিশা প্ৰায় ৮.৩০ বজাত ৰহমানে ৰঙিয়া বজাৰস্থিত আলু-পিয়াজৰ পাইকাৰী দোকান বন্ধ কৰি চহৰৰ সমীপৰ ৰঙিয়া শৌলমাৰীৰ নিজগৃহলৈ গৈ আছিল৷ ৰহমানক ৰঙিয়া আৰক্ষী থানাৰ সন্মুখৰ পৰাই দুখন বাইকে পিছ লয়।
ৰহমানে বাইকেৰে গৈ নিজ ঘৰৰ পদুলি মুখ পোৱাৰ লগে লগে দুখন বাইকত অহা চৰিজন যুৱকে তেওঁৰ বাইকৰ ওচৰতে বাইক দুখন ৰখাই। যুৱকৰ দলটোৱে বাইকৰ পৰা নামি ৰহমানৰ সৈতে থকা বেগটো কাঢ়ি নিবলৈ চেষ্টা কৰে৷ ৰহমানে বেগটো এৰি নিদি খণ্ড যুদ্ধত লিপ্ত হয়। লগে লগে দলটোৰ মাজৰ এজন যুৱকে পিষ্টল উলিয়াই গুলিয়াবলৈ চেষ্টা কৰোতে ব্যৱসায়ী জনে বেগটো এৰি দিয়াত বেগটো লৈ চাৰিওজন যুৱকে মটৰ চাইকেলেৰে উধাও হয়।
ব্যৱসায়ী জনে চিঞৰ-বাখৰ কৰাত বাইক দুখন ৰখাবলৈ এজন যুৱকে পথত লোৰ ৰড দি আগভেটা দিছিল যদিও বাইকদুখন ৰখাৱ নোৱাৰিলে। যাৰ ফলত গমিৰ আহমেদ নামৰ স্থানীয় যুৱকজনো আহত হয়। ইফালে আহত ব্যৱসায়ীজনক লগে লগে ৰঙিয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে।
গুৰুতৰভাবে আহত ব্যৱসায়ী ৰহমানে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে এখন কলা ৰঙৰ আৰু এখন নীলা ৰঙৰ পালচাৰ বাইকলৈ অহা ডকাইতৰ দলটোৱে লৈ যোৱা বেগটোত নগদ ধনৰ উপৰিও বহু নথি পত্ৰ আছিল। ৰঙিয়া আৰক্ষীয়ে দুৰ্বৃত্তৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে যদিও কোনো লোকক আটক কৰিব পৰা নাই৷