11
Sep
2017

মঙলদৈঃ গীটাৰখন হাতত লৈ হেৰাই থাকিল ইমৰাণ৷ ক’লৈ গ’ল কোনেও গমকে নাপালে৷ নিজৰ প্ৰিয় সংগী গীটাৰখন বুকুত সাৱটি ইমৰাণে দেওবাৰে পুৱাই ওলাই গৈছিল সমনীয়াৰ সতে গানৰ প্ৰেক্টিছ কৰিবলৈ৷
তাৰ পাছতেই নিৰুদ্দেশ হৈ পৰে মঙলদৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ ইমৰাণ হুছেইন।
আনহাতে কিশোৰজন উভটি নহাত পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ আৰম্ভ কৰে৷ ইমৰাণৰ বন্ধু, আত্মীয় স্বজনৰ ঘৰত খবৰ কৰে৷ কিন্তু কিশোৰজনৰ কোনো সম্ভেদ নোপোৱাত পৰিয়ালটো অধিক চিন্তিত হৈ পৰে৷ শেষত পৰিয়ালৰ লোকে মঙলদৈ আৰক্ষী থানাত ইমৰাণ সন্ধানহীন হোৱা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে৷
কোনো সদাশয় লোকে ইমৰাণৰ সম্ভেদ পালে ৭০০২৯৯৮৯৮৩ নম্বৰত খবৰ দিবলৈ পৰিয়ালবৰ্গই অনুৰোধ জনাইছে।