প্ৰতিকী ফটো,উৎস ইন্টাৰনেট,
প্ৰতিকী ফটো

গৰৈমাৰীঃ এক চাঞ্চল্যকৰ ঘটনাই কপাই থৈ গ’ল সমগ্ৰ বকো অঞ্চল৷ বকোৰ সোনতলীত শুকুৰবাৰে নিশা এহাল প্ৰেমিক প্ৰেমিকাই একে লগে বিহ পান কৰি আত্মহননৰ চেষ্টা চলোৱা কাৰ্যই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে৷ 

জানিব পৰা মতে, সোনতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ময়নুল হক আৰু কালাতলী আঞ্চলিক হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী মজ্জুৱাৰা খাতুনৰ মাজত দীৰ্ঘদিন ধৰি গভীৰ প্ৰেমৰ সম্পৰ্ক চলি আছিল৷ 

কিন্তু পৰিয়ালৰ লোকে দুয়োৰে সম্পৰ্ক মানি নলোৱাত অৱশেষত বিহ পান কৰি আত্মহননৰ চেষ্টা চলাই বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে৷  অৱশেষত ঘটনাটো পোহৰলৈ অহাত দুয়োজনকে অচেতন অৱস্থাত ততাতৈয়াকৈ সোনতলী প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰে। ময়নুলৰ ঘৰ সোনতলী টাঙোনমাৰীত আৰু মজ্জুৱাৰাৰ ঘৰ কান্দুমাৰীত বুলি জানিব পৰা গৈছে৷

ইফালে প্ৰেমিক প্ৰেমিকাহাল এতিয়াও অচেতন অৱস্থাত থকাত ঘঠনাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই৷