
ডিজিটেল ৰিপ'ৰ্টঃ কেৱল শিৱসাগৰেই নহয়, ফ’ৰলেনৰ নামত নামনি অসমতো সংঘটিত হৈছে বৃহৎ কেলেংকাৰী৷ এই কেলেংকাৰীৰ সৈতে জড়িত হৈ আছে ভালেকেইজন অতিৰিক্ত উপায়ুক্ত, চক্ৰ বিষয়া, গড়কাপ্তানি(গৃহ নিৰ্মাণ) বিভাগৰ কাৰ্যবাহী অভিযন্তা আৰু মণ্ডল৷ বিশেষকৈ নামনি অসমৰ কামৰূপ জিলাত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ আমিনগাঁৱৰ পৰা একেবাৰে নলবাৰী জিলাৰ সীমামূৰীয়া অংশলৈকে জিৰাটৰ ক্ষতিপূৰণৰ নামত মণ্ডলৰ সৈতে লগ লাগি দায়িত্বত থকা অভিযন্তা-বিষয়াই কোটি কোটি টকা আত্মসাৎ কৰা বুলি জানিব পৰা গৈছে৷
এই সন্দৰ্ভত newsnextone.comৰ হাতত আহি পৰিছে বহু বিস্ফোৰক তথ্য৷ আমিনগাঁৱৰ পৰা একেবাৰে ৰঙিয়াৰ নোনা নৈৰ দলং পৰ্যন্ত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে ফ’ৰলেন নিৰ্মাণৰ ফলত ক্ষতিগ্ৰস্ত হোৱা দুয়োপাৰৰ লোকসকলৰ বহুতেই ফুটাকড়ি এটাও নোপোৱাৰ বিপৰীতে একাংশ লোকে মণ্ডলৰ সৈতে গোপন মিতিৰালিৰে ভুৱা তথ্য দাখিল কৰি লাখ লাখ টকা আদায় কৰা দেখা গৈছে৷ নলবাৰী, বৰপেটা, কোকৰাঝাৰ জিলাতো সংঘটিত হৈছে ব্যাপক অনিয়ম।
মণ্ডলসকলক এইক্ষেত্ৰত সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে জিলাখনৰ সেই সময়ৰ অতিৰিক্ত উপায়ুক্ত, চক্ৰ বিষয়া আৰু গড়কাপ্তানি(গৃহ নিৰ্মাণ) বিভাগৰ কাৰ্যবাহী অভিযন্তাকে আদি কৰি ভালেসংখ্যাক উচ্চ পদস্থ বিষয়াই৷ মণ্ডলসকলক মোটা অংকৰ ধন ভেটি দি অঞ্চলটোৰ বহু দুষ্টবুদ্ধিৰ আৰু দুৰ্নীতিপৰায়ণ লোকে তেনেই কম পৰিমাণৰ ভূমিত সম্পূৰ্ণ মিছা তথ্য দাখিল কৰি কেৱল জিৰাটৰ নামত আদায় কৰিছে ২০-৫০ লাখ পৰ্যন্ত টকা৷
newsnextone.comৰ হাতত আহি পৰা তথ্য অনুযায়ী জিৰাটৰ নামত মণ্ডল আৰু অভিযন্তাই যি তথ্য চৰকাৰক দাখিল কৰিছে সেই তথ্যই সমগ্ৰ অসমৰ বাবে কঢ়িয়াই আনিব পাৰে সৌভাগ্য৷ কিয়নো মণ্ডল আৰু অভিযন্তাৰ কৃপাত লাখ লাখ টকা আদায় কৰা লোকসকলে কম পৰিমাণৰ মাটিতে বহু পৰিমাণৰ সম্পত্তি গঢ়িবলৈ সমৰ্থ হৈছিল৷ মণ্ডল আৰু অভিযন্তাৰ সেই যাদুকৰী সূত্ৰ যদিহে এতিয়া প্ৰযোজ্য কৰা হয় তেন্তে ৰাজ্যৰ বহু সমস্যা দূৰ হোৱাতো প্ৰায় নিশ্চিত বুলিব পাৰি!
newsnextone.comৰ হাতত পৰা তথ্য মতে ২০০৪-২০০৫ চনৰ ভিতৰত মণ্ডল-অভিযন্তাৰ কৃপাত ঘাইপথটোৰ দুয়োপাৰৰ লোকসকলে মাত্ৰ ২ হাত মাটিতে ৰুইছিল ১০০ জোপা কলগছ, ১ লেছা মাটিতে নিৰ্মাণ কৰিছিল ৫টাকৈ প্ৰকাণ্ড পকী ঘৰ। সিমানেই নহয়, জাপান-চীনৰ অভিযন্তাতকৈয়ো এখোপ চৰা অসমৰ মণ্ডল-অভিযন্তাৰ উৰ্বৰ মস্তিষ্কৰ সহায়ত বহু লোকে মাত্ৰ ১ বৰ্গফুট মাটিত খান্দিব পাৰিছিল ২০০০ বৰ্গফুটৰ প্ৰকাণ্ড পুখুৰী।
উদাহৰণ হিচাপে ৰঙিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত পূব বড়িগোগ মৌজাৰ বনগাঁৱৰ পট্টা নং ১১৮ আৰু দাগ নং ১০৩ৰ গৰাকীজনে ১১৫২ বৰ্গফুট মাটিত মণ্ডলৰ সহায়ত চৰকাৰক ৩টাকৈ পকী গৃহ ফ’ৰলেনৰ বাবে ক্ষতিগ্ৰস্ত হোৱা দেখুৱাইছে। এই পকী ঘৰ কেইটাৰ বৰ্গফুট এককত জোখ হৈছে ক্ৰমে ১৩x২৪, ৪৫x৩৩ আৰু ৪৫x৩২। হিচাপ কৰিলে দেখা যায় যে এই তিনিটা ঘৰে আৱৰি থকা মাটিকালি হৈছে ৩২৩৭ বৰ্গফুট। মাত্ৰ ১১৫২ বৰ্গফুট মাটিত কেনেদৰে লোকজনে ৩২৩৭ বৰ্গফুট জোখৰ ৩টাকৈ ঘৰ নিৰ্মাণ কৰিছিল সেই ৰহস্য মণ্ডল-অভিযন্তা তথা উক্ত দুষ্ট প্ৰকৃতিৰ লোকজনৰ বাদে অইনে জনাৰ কোনো উপায় নাই।
একেদৰে, উক্ত গাঁওখনৰে পট্টা নং ৪ আৰু দাগ নং ১২৩ৰ ৪৩২ বৰ্গফুট মাটিত গৰাকীজনে যাদুকৰী শক্তিৰ অধিকাৰী মণ্ডল-অভিযন্তাৰ সহায়ত নিৰ্মাণ কৰিছিল ২৫x২৩ বৰ্গফুট অৰ্থাৎ ৫৭০ বৰ্গফুটৰ পকীগৃহ। লগতে তেওঁ সেই একেখিনি মাটিতে খন্দাইছিল ৫০x৪০ বৰ্গফুট অৰ্থাৎ ২০০০ বৰ্গফুটৰ এটা প্ৰকাণ্ড পুখুৰী। অসমৰ মণ্ডল-অভিযন্তাৰ এনেধৰণৰ একাধিক আশ্চৰ্যকৰ কাৰ্যকলাপৰ সবিশেষ আজিৰে পৰা ধাৰাবাহিকভাৱে প্ৰকাশ পাব newsnextone.comত।
ইফালে এই সন্দৰ্ভত ৰঙিয়া, বাইহাটা চাৰিআলি, চাংসাৰিকে আদি কৰি কেবাটাও অঞ্চলৰ একাধিক দল-সংগঠনৰ পৰা প্ৰতিক্ৰিয়া বিচাৰি যোগাযোগ কৰাত উক্ত সংগঠনসমূহে বিষয়টোক গুৰুত্ব সহকাৰে লৈ শীঘ্ৰে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি newsnextone.comক জানিবলৈ দিছে। কেবাটাও সংগঠনে মণ্ডলৰ সহায়ত চৰকাৰক ভুৱা আৰু কাল্পনিক তথ্য দাখিল কৰি লাখ লাখ টকাৰ ক্ষতিপূৰণ আদায় লৈ ৰাতিটোৰ ভিতৰতে ধনী হৈ পৰা লোকসকলৰ বিৰুদ্ধেও সৰৱ হৈ পৰিছে। এনে নাগৰিকৰ বাবেই দেশত দুৰ্নীতি বৃদ্ধি পাইছে বুলিও মন্তব্য কৰিছে সচেতন মহলে।