গোৰেশ্বৰঃ সপ্তম দৰমহা আয়োগৰ ঘোষণাক লৈ ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীসকলৰ মাজত এক উৎসাহ দেখিবলৈ পোৱা গৈছিল। কিন্তু সপ্তম দৰমহা আয়োগৰ প্ৰতিবেদন মতে দৰমহা দিয়াত আসোঁৱাহৰ সৃষ্টি হোৱা বুলি অভিযোগ উত্থাপন কৰিছে সদৌ অসম প্ৰাথমিক শিক্ষক পৰিষদে।

পৰিষদৰ সভাপতি-সম্পাদকদ্বয় ক্ৰমে ৰমেশ দাস আৰু মহেশ্বৰ মেধিয়ে এক প্ৰেছ বিজ্ঞপ্তি যোগে সংবাদ মাধ্যমক জনাইছে যে পৰিবৰ্তনকামী চৰকাৰখনে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি মতে অসমৰ বিত্ত বিভাগে সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ মৰ্মে গ্ৰহণ কৰা সংশোধিত দৰমহা বিধি (আৰঅ'পি) ৰ অধিসূচনা ১৭ মাৰ্চত জাৰি কৰিছে।

চৰকাৰে ২০১৬ চনৰ পহিলা এপ্ৰিলৰ পৰা কাৰ্য্যকৰী হোৱাকৈ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক সংশোধিত হাৰত দৰমহা দিয়াৰ লগতে অসমৰ মাননীয় শিক্ষা আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে কৰ্মচাৰী সকলক ব'হাগ বিহুৰ আগতে ছয় মাহৰ বকেয়া আদায় দিয়া হ'ব।

এই ঘোষণাৰ পিছতেই অসমৰ শিক্ষক কৰ্মচাৰী সকলে এক আনন্দ অনুভৱ কৰিছিল, কিন্তু সেই ঘোষণা ঘোষণাতে সীমাবদ্ধ হৈ থাকিল। আনহাতে প্ৰাথমিক শিক্ষকৰ গ্ৰেড পে’ৰ ক্ষেত্ৰৰ লগতে সহকাৰী শিক্ষকৰ শিক্ষকৰ ক্ষেত্ৰত ন্যুনতম গ্ৰেড পে নিৰ্ধাৰণ নকৰাত বিষয়টোত জটিলতাৰ সৃষ্টি হৈছে ।

ইতিমধ্যে প্ৰায়বোৰ বিত্ত বিভাগতে দৰমহা সংশোধনীৰ ক্ষেত্ৰত নিয়াৰিকৈ কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হোৱা বুলি চৰকাৰে দাবী কৰিছে যদিও পে ফিক্সেচনৰ বাবে আজিলৈ প্ৰাথমিক শিক্ষক কৰ্মচাৰী সকলক অৱহেলা কৰি থকা হৈছে।

অসম চৰকাৰৰ বিত্ত বিভাগৰ পে ৰিচাৰ্ছ ইউনিটৰ পৰা যোৱা ১৫ মে'ত প্ৰতিটো বিভাগলৈ এক নিৰ্দেশনা প্ৰেৰণ কৰিছে যদিও আজিকোপতি প্ৰাথমিক শিক্ষক কৰ্মচাৰীসকলে মাহিলী বিল লাভ কৰিবলৈ সক্ষম হোৱা নাই। অতি শীঘ্ৰেই সপ্তম দৰমহা আয়োগৰ আধাৰত শিক্ষক-কৰ্মচাৰীৰ মাহিলি দৰমহা মোকলাই দিবলৈ চৰকাৰক দাবী জনাইছে সদৌ অসম প্ৰাথমিক শিক্ষক পৰিষদে।