লামডিংঃ হোজাই জিলাৰ লামডিঙত মঙলবাৰে পুৱাই এটি পুৰুষৰ অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ লামডিঙত নতুনকৈ নিৰ্মাণ হৈ থকা ৰেল লাইনৰ সমীপত উদ্ধাৰ হয় মৃতদেহটো৷ লংপেন্ট-চাৰ্ট পৰিহিত তথা আৰু জোটা পিন্ধি থকা লোকজনক পুৱাই একাংশ শ্ৰমিকে প্ৰত্যক্ষ কৰে৷ 

এটি পুখুৰী সদৃশ গাতত জমা হৈ থকা পানীত পৰি থকা মৃতদেহটো চিনাক্ত কৰিব পৰা অৱস্থাত নাছিল৷ ৰেল আৰক্ষীয়ে মৃতদেহটো মৃতদেহটো বহু সময়লৈকে উদ্ধাৰৰ ব্যৱস্থা কৰা নাছিল৷ স্থানীয় ৰাইজে সন্দেহ কৰাৰ মতে কোনো দুৰ্বৃত্তই হত্যা কৰি লোকজনৰ মৃতদেহটো পেলাই থৈ যায়।