Image for Representation
Image for Representation

লংকাঃ ৰাজ্যত এতিয়া সুৰক্ষিত নহয় আধ্যাত্মিক শৃংখলা আৰু সুক্ষ্ম নীতিবোধৰ প্ৰচাৰ আৰু প্ৰসাৰত ব্যস্ত থকা বৌদ্ধ ভিক্ষুসকল৷ দুগৰাকী বৌদ্ধ ভিক্ষুসহ চাৰিগৰাকী লোকক বিষ পান কৰাই হত্যাৰ চেষ্টা চলোৱা ঘটনাই সকলোকে এনেদৰে ভবাই তুলিছে।

হোজাই জিলাৰ লামডিঙত বৌদ্ধ বিহাৰৰ ভিতৰতে হত্যাৰ চেষ্টা চলায় চাৰিগৰাকী লোকক৷ হোজাই জিলাৰ লামডিঙত ধৰ্ষণ, হত্যাকে আদি কৰি কেইবাটাও ঘটনা সংঘটিত হৈ অহাৰ মাজতে শনিবাৰে নিশা দুৰ্বৃত্তই বৌদ্ধ ভিক্ষুসহ চাৰিগৰাকী যুৱকক হত্যাৰ অপচেষ্টা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। লামডিঙৰ বৌদ্ধ বিহাৰত এই ঘটনাটো সংঘটিত হয়।

জানিব পৰা মতে, শনিবাৰে নিশা বৌদ্ধ বিহাৰত থকা দুই গৰাকী ভিক্ষু আৰু তেওঁলোকৰ সহযোগীয়ে নিশা আহাৰ গ্ৰহণ কৰাৰ পিচতে অচেতন হৈ পৰে। ভিক্ষু দুগৰাকী কোন ঠাইৰ জানিব পৰা হোৱা নাই যদিও যুৱকদুজন কাৰ্বি আংলং জিলাৰ ডিফুৰ বাসিন্দা বুলি জানিব পৰা গৈছে।

নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পাছতে বৌদ্ধ বিহাৰত অচেতন হৈ পৰা চাৰিগৰাকী লোকক ততাতৈয়াকৈ লামডিং সমূহীয়া চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। পাছত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে তেওলোকক লামডিং ৰেলৱে চিকিৎসালয়ত ভৰ্তি কৰায়।

চিকিৎসকে পৰীক্ষাৰ অন্তত বিষক্ৰিয়াৰ বাবে বৌদ্ধ ভিক্ষু আৰু আন দুজন যুৱক অচেতন হৈ পৰা বুলি মন্তব্য কৰে। স্থানীয় লোকে খাদ্যৰ লগত বিষাক্ত দ্ৰৱ্য মিহলাই কোনো দুৰ্বৃত্তই বৌদ্ধ ভিক্ষু কেইজনক হত্যাৰ অপচেষ্টা চলোৱা বুলি সন্দেহ কৰিছে।

স্থানীয় লোকৰ মতে বৌদ্ধ ভিক্ষু কেইজনে আহাৰ গ্ৰহণৰ পূৰ্বে অচিনাকি যুৱক এজনক বৌদ্ধ বিহাৰৰ পৰা ওলাই যোৱা প্ৰত্যক্ষ কৰিছিল। অচিনাকী যুবকজনেই খাদ্যৰ লগত বিহ মিহলাই দিব পাৰে বুলিও স্থানীয় লোকে সন্দেহ কৰিছে।

বৌদ্ধ ভিক্ষু দুজনৰ শাৰীৰিক অৱস্থা অৱনতি হোৱাত আজি তেওঁলোকক হোজাইৰ হাম হস্পিতাললৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে। ঘটনা সন্দৰ্ভত বৌদ্ধ বিহাৰ কৰ্তৃপক্ষই লামডিং আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে৷ এই ঘটনাই সমগ্ৰ লামডিঙতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।