
জোনাইঃ মিছিং স্বায়ত্ব শাসিত পৰিষদে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৬০ শতাংশতকৈ অধিক নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক জলপানী প্ৰদান কৰিব৷
মিছিং স্বায়ত্ব শাসিত পৰিষদৰ অধিনৰ নিজ নিজ সমষ্টিৰ ছাত্ৰী-ছাত্ৰীসকলে ১০ ডিচেম্বৰৰ ভিতৰত আবেদন কৰিব লাগিৰ জলপানিৰ বাবে।
ছাত্ৰ ছাত্ৰীসকলক উচ্চ শিক্ষাৰ বাবে অধ্যয়ন, চৰ্চা, গৱেষণা আদিৰ বাবে এককালীন সাহায্য প্ৰদানৰ ব্যৱস্থা কৰিছে মিছিং স্বায়ত্ব শাসিত পৰিষদে। প্ৰতিগৰাকী আবেদনকাৰীয়ে আবেদন পত্ৰৰ সৈতে নিজ নিজ সমষ্টিৰ জিএম সকলৰ চহী-চীল মোহৰ মৰাব লাগিব। মিছিং স্বায়ত্ব শাসিত পৰিষদৰ আবেদন পত্ৰত নিজ সমষ্টিৰ বাহিৰৰ চীল মোহৰ যুক্ত প্ৰ-পত্ৰ গ্ৰহণ কৰা নহ’ব বুলি কয়।