লাহোৱালঃ ডিব্ৰুগড় জিলাৰ অন্যতম মদাৰখাত শাখা কবি সন্মিলনৰ উদ্যোগত যোৱা ২৫ আগষ্টত মদাৰখাত শিক্ষক ভৱনত এখন কবি সন্মিলন অনুষ্ঠিত হয়। শাখা সন্মিলনৰ সভাপতি অজিত দত্তৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা কবিতাৰ অনুষ্ঠানটোৰ সঞ্চালনা কৰে ডিব্ৰুগড় জিলা কবি সন্মিলনৰ উপ সভানেত্ৰী অনিমা বৰুৱা দেউৰীয়ে।

মদাৰখাত সীতাৰাম চৌখানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ কেশৱ দত্তই বন্তি প্ৰজ্বলন কৰে। চেতনা মহিলা সমিতিয়ে আদৰণী গীতৰ লগতে ঘোঁৰামৰা প্ৰাথমিক বিদ্যালয় আৰু মদাৰখাত বালিকা বিদ্যালয়ৰ ছাত্ৰী সকলৰ দ্বাৰা কোৰাছ পৰিৱেশন কৰা হয়। ব্ৰজেন গোঁহাইয়ে আদৰণি ভাষণ আগবঢ়ায়।

বিশিষ্ট অতিথিৰ আসন গ্ৰহণ কৰে মদাৰখাতৰ ৰামধেনু যুগৰ কবি থুল কোঁৱৰে। বিশিষ্ট কবি নিমিষা শইকীয়া, প্ৰদীপ গগৈ, বিবি মহন্তৰ লগতে গৌৰী চুবেদাৰ বৰা, নয়নজ্যোতি দত্ত, যুগল কোঁৱৰ, বিপ্লৱ চৌধুৰী, অৰুণ দাস, প্ৰদীপ কুমাৰ কছাৰী বৰুৱা, প্ৰফুল্ল গোঁহাই, গৌৰিত গগৈ, মঞ্জু গোঁহাই দত্ত, ৰীমা সেনাপতি, প্ৰিয়লতা গোঁহাই, নিয়ন্তা গোঁহাই, অল্পনা গগৈ, দীপ্তি বৰপাত্ৰ, মিতালী গোঁহাই আদিয়ে কবিতা পাঠ কৰে।  

বিভিন্ন প্ৰান্তৰ কবিৰ লগতে শিক্ষক তথা নাট্য কৰ্মী সঞ্জয় দত্ত, শিক্ষক হৰকান্ত দাসে অংশগ্ৰহণ কৰে। স্থানীয় মদাৰখাত সীতাৰাম চৌখানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা মৰ্জিনা গগৈ, প্ৰাক্তন অধ্যক্ষ হিৰণ্য সেনাপতি, মদাৰখাত বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক যতীন গোঁহাইয়ে অংশ লয়।

সদৌ অসম কবি সন্মিলনৰ সভাপতি নীলকান্ত শইকীয়াই অংশ লৈ জ্যোতি প্ৰসাদ আগৰৱালাৰ জন্মস্থানৰ ফচল ভাল হোৱাৰ লগতে ভৱিষ্যত প্ৰজন্মৰ উত্তৰণৰ বাবে সদৌ অসম কবি সন্মিলনে আগুৱাই যাব বুলি মন্তব্য কৰে। বিশিষ্ট আবৃত্তিকাৰ ৰিজুমণি শইকীয়া তামুলী উপস্থিত থাকে। শলাগৰ শৰাই আগবঢ়াই ৰীমা সেনাপতিয়ে। অনুষ্ঠানৰ আঁত ধৰে সম্পাদক পৱিত্ৰ গগৈয়ে। অনুষ্ঠানত ৰমেন দত্ত আৰু শৈলেন বুঢ়াগোঁহাইৰ গীতে উপস্থিত সকলোকে আপ্লুত কৰে।