
ডিজিটেল ডেস্কঃ ১,০০০ কোটিৰ চীনা সামগ্ৰীৰে ভৰি পৰিল উত্তৰ-পূৱৰ বজাৰ। বিজেপিয়ে চীনা সামগ্ৰী বৰ্জনৰ আহ্বান অসাৰ হৈ পৰিল। আগৰদৰেই এইবাৰো চীনা সমগ্ৰীয়েই দখল কৰিলে ৰাজ্যৰ বিপণীসমূহ। অতি নিম্নমানৰ সস্তীয়া সামগ্ৰী ভাৰতত বিক্ৰী কৰি মুনাফা লুটি আহা চুবুৰীয়া শক্ৰদেশখনে আগৰ দৰে এইবাৰো বুজন পৰিমানৰ ধন সৰবৰাহ কৰে।
বিগত সময়ৰ দৰে এইবাৰো ৰাজ্যত এলাগী হ’ব নিজ দেশৰ উৎপাদিত সামগ্ৰী৷ ৰং-বিৰঙী চীনৰ আলোকসজ্জাৰে এইবাৰো ৰাজ্যৰ দূৰ্গা পূজাৰ মণ্ডপ উজলি উঠা দেখা গ’ল৷
জানিব পৰা মতে, উৎসৱৰ বতৰত অধিক মুনাফা লাভৰ বাবে চীনৰ সামগ্ৰীসমূহ বজাৰত উভৈনদী কৰাত আগভাগ লৈছে উত্তৰ-পূৰ্বাঞ্চলৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ ফাঁচিবজাৰৰ বিক্ৰেতাসকলে৷ ব্যৱসায়ীক সন্থাটো বাদেই এতিয়া ৰজাঘৰীয়াইও যেন ব্যৱহাৰ কৰে চীনা নিৰ্মিত বয়-বস্ত৷
যি সময়ত চৰকাৰ প্ৰশাসনে চীনা সামগ্ৰী বৰ্জন কৰি দেশীয় সামগ্ৰী ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছিল ঠিক একে সময়তে দেখা পোৱা গ’ল আনন্দৰাম ঢেকীয়াল ফুকন বঁটা প্ৰদানৰ ক্ষেত্ৰতো চীনত নিৰ্মিত লেপটপ বিতৰণ কৰা৷
উল্লেখ্য যে, এই সৰ্ন্ধভত গুৱাহাটী ব্যৱসায়ী সন্থাৰ সাধাৰণ সম্পাদক প্ৰাণতোষ ৰয়ে আজি কয় যে প্ৰতি বছৰে পূজাৰ সময়ত কম-বেছি পৰিমাণে চীনৰ সামগ্ৰী ব্যৱহাৰ হৈ আহিছে৷ বিগত বছৰত এই প্ৰকোপ অতি উদ্দেগজনকভাৱে বৃদ্ধি পাইছে৷ যিটো স্বাভাৱিকতে দেশৰ অৰ্থনৈতিক ব্যৱস্থাৰ প্ৰতি অশনি সংকেত হিচাপে বিবেচিত হৈছে৷