01
Jun
2017

সৰভোগঃ আজি দিনৰ ২ বজাত বৰপেটা জিলাৰ অন্তৰ্গত সৰভোগ নগৰৰ বৰনগৰ মহাবিদ্যালয়ৰ কাষেৰে যোৱা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ দূুৰ্ঘটনা।
সৰভোগৰ ভুলকাডোৱা বজাৰৰ পৰা বৰপেটাৰোড অভিমুখী AS 19 AC 0043 নম্বৰৰ টাটা মেজিকৰে সৈতে এখন ভূটিয়া ট্ৰাকৰ (গাড়ীৰ নম্বৰ-BP 3 A 0600) পিছফালে খুন্দিওৱাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো।
গুৰুতভাৱে আহত টাটা মেজিকৰ চালক বাবুল আলমক (২৩) প্ৰথমতে সৰভোগ সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয়। অৱস্থাৰ অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে বৰপেটা ফখৰুদ্দিন আলি আহমেদ মেডিকেল হস্পিতাললৈ নিয়াৰ পথতে মৃত্যু হয় যুৱকজনৰ।