15
May
2017

চাবুৱাঃ ডিকমত দেওবাৰে প্ৰায় আঠমান বজাত দেওবৰীয়া বজাৰৰ ওচৰতে সেই বজাৰলৈকে বেপাৰীসকলৰ বস্তু অনা-নিয়া কৰা এজন ঠেলা চালকক ঠেলাৰ সৈতে এখন তীব্ৰবেগী টাটা মেজিকে খুন্দিওৱাৰ ফলত ঠিতাতে মৃত্যু হয় ঠেলাচালকজনৰ।
জানিব পৰা মতে, মৃত ব্যক্তিজনৰ নাম অমিত খেড়ীয়া৷ ঠেলাচালকজনৰ সহযোগী পৰেশ তাঁতীৰো অৱস্থা সংকটজনক। তাঁতীৰ দুয়োখন ভৰি ভাঙি যোৱা বুলি চিকিৎসকে জনাইছে।
ইপিনে গাড়ীখন বজাৰৰে সমীপৱৰ্তী মদাৰখাটৰ বুলি জানিব পৰা গৈছে৷ সম্প্ৰতি ডিকম আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰিছে গাড়ীখন চালকজনে৷