অভয়াপুৰীঃ আজি মহাষ্টমী৷ সমগ্র দেশৰ লগতে বঙাইগাঁও জিলাতো উলহ মালহেৰে উদযাপন হৈ আছে আৰাধ্য দেৱী দুৰ্গাৰ আৰাধনা। সাৰ্বজনীন এই দুৰ্গা পূজাৰ ষষ্ঠীৰ বেদীত দেৱীক প্ৰতিষ্ঠা কৰাৰে পৰা ধুমধামেৰে আৰম্ভ হৈছে পূজা অৰ্চনা।

শংখ-ঘন্টা, ঢাক-ঢোলৰ ঐক্যতান, আয়তী উৰুলি আৰু দুৰ্গতিনাশিনী মাতৃস্বৰূপিনী, দেৱী দুৰ্গাৰ বন্দনাৰে মুখৰিত হ’ল জিলা খনৰ অভয়াপুৰী গান্ধীময়দানৰ ৬১সংখ্যক সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজাৰ পূজাস্থলী।

আজি মহাষ্টমীৰ দিনাখনো ৰাতিপুৱাৰে পৰা সম্পূৰ্ণ প্ৰত্যাশিতভাৱে শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গতিনাশিনী শ্ৰী শ্ৰী দুৰ্গা দেৱীক সন্তুষ্ট কৰাৰ উদ্দেশ্যে অভয়াপুৰীৰ গান্ধীময়দান পূজা মণ্ডপত অগনন ভক্তই ভিৰ কৰা পৰিলক্ষিত হয়। বৃহত্তৰ অভয়াপুৰী অঞ্চলৰ ভক্তবৃন্দই দুৰ্গতিনাশিনীৰ একাঁজলি আৰ্শীবাদ ল’বলৈ দেৱীৰ চৰণত আঁঠু লৈছে।

উল্লেখ্য যে মৰতলৈ নাৱত উঠি অহা দেৱী দুৰ্গা ষষ্ঠীৰ দিনাখন বেদীত উপৱিষ্ট হোৱাৰ পাছৰে পৰা উচাহৰ ঢল নামি আহিল অভয়াপুৰীলৈ৷