মুম্বাইঃ বুলঢাণাত সোমবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনাত ১৩ জন লোকে নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হয়৷ ট্ৰাক আৰু মহিন্দ্ৰা মেগজিম’ৰ মাজত হোৱা খুন্দাৰ ফলত এই ঘটনা সংঘটিত হয়৷ 

দৰাচলতে বুলঢাণাৰ মলকাপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত নিমখেৰে ভৰ্তি ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই মেজিকখনক প্ৰচন্দ জোৰেৰে খুন্দা মৰাত এই ভয়ংকৰ ঘটনা সংঘটিত হয়৷ দুপৰীয়া প্ৰায় ৩ বজাত সংঘটিত হোৱা এই ঘটনাত ৩ জন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ পাছত তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷

আনহাতে, থিতাতে ১৩ জন লোকে মৃত্যুক আকোৱালি লয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷ বৰ্তমানে আঘাতপ্ৰাপ্ত লোকৰ চিকিৎসা চলি থকা হৈছে বুলি জানিব পৰা গৈছে৷