গোৰেশ্বৰঃ শিশু খাদ্যৰ বস্তাত আজি বাগসা জিলাৰ মহৰিপাৰাত পচা খাদ্য উদ্ধাৰ হোৱাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শিশুৰ বাবে অহা আহাৰত  অংগনাবাড়ী কেন্দ্ৰত চাউল আৰু আৰু দাইল বিলাবলৈ গৈ অংগনাবাড়ী সহায়িকাই পালে দুৰ্গন্ধযুক্ত দাইল।

বাগসা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মহৰিপাৰাৰ বোৱা-কটা মহিলা সমবায় সমিতি নামৰ টেঙাঝাৰ অংগনাবাডী কেন্দ্ৰটোত আজি পুৱা অংগনাবাড়ী সহায়িকাই কেন্দ্রটোৰ কণ কণ শিশুক দাইল বিলাবলৈ যোৱাৰ পিছত পচা দাইল উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

বিমলা কলিতা নামৰ কৰ্মীগৰাকীয়ে  চাউল আৰু দাইল বিলাই থকাৰ মাজতে দাইলৰ এটা বস্তাত পচা আৰু দুৰ্গন্ধযুক্ত দাইল প্ৰত্যক্ষ কৰে। লগে লগে তেওঁ বিষয়টো ৰাইজক অৱগত কৰে।

চৰকাৰে যোগান ধৰা পচা শিশুখাদ্য এনেদৰে প্ৰেৰণ কৰাত স্থানীয় ৰাইজৰ লগতে উত্তৰ বেতনা আছুই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে ভবিষ্যতে এনে ঘটনাৰ পুনৰাবৃত্তি নকৰিবলৈ সকীয়াই দিয়ে।

উল্লেখ্য যে, অংগনাবাডী কেন্দ্ৰটো স্থাপনৰ কেবাবছৰো হোৱাৰ পিছতো চৰকাৰৰ অমনোযোগিতাৰ অভাৱৰ বাবে এতিয়ালৈ কেন্দ্ৰটোৰ নাই কোনো স্থায়ী গৃহ। টেঙাঝাৰ গাঁৱৰ অন্তৰ্গত তথা ৰঙিয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ এই অংগনাবাডী কেন্দ্ৰটোৰ নিৰ্মাণৰ কাম ৰহস্যজনকভাবে চাৰিডালমান ৰড পুতি অাধৰুৱাকৈ এৰি দিয়া কাৰ্যক ৰহস্যজনক বুলি ৰাইজে আক্ষেপ প্ৰকাশ কৰিছে।

সমাজ কল্যাণ বিভাগৰ চৰম অকৰ্মণ্যতাৰ বাবে ৰাজ্যৰ কণ কণ শিশুক এনে নিম্নমানৰ খাদ্য যোগান ধৰি শিশুৰ স্বাস্থ্যৰ সৈতে হেতালি খেলা হৈছে বুলিও অভিযোগ তুলিছে স্থানীয় ৰাইজে।