ডিজিটেল ডেস্কঃ মহাত্মা গান্ধী চতুৰ বণিয়া আছিল৷ এই মন্তব্য বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ৷ মূলতঃ গান্ধীৰ দুৰদৰ্শিতাৰ কথা ক’বলৈ গৈয়ে এই আখ্যা দিলে নেতাগৰাকীয়ে৷

শুকুৰবাৰে চট্টিছগড়ত কংগ্ৰেছক সমালোচনা কৰি বিজেপিৰ অধ্যক্ষগৰাকীয়ে কংগ্ৰেছৰ কোনো নিৰ্দিষ্ট বিচাৰধাৰা নাই বুলি কয়৷ মূলতঃ দেশক স্বাধীন কৰিবলৈ প্ৰতিষ্ঠা কৰা হৈছিল কংগ্ৰেছ দলক৷ সেয়ে স্বাধীনতাৰ পিছত মহাত্মা গান্ধীয়ে দলটোক ভংগ কৰিবলৈ বিচাৰিছিল৷ দলটোৰ দুৰ্বলতাসমুহ ভালকৈ জানিছিল গান্ধীয়ে৷

এগৰাকী দুৰদৰ্শী ব্যাক্তিৰ উপৰি চতুৰ বণিয়া বাবেই কংগ্ৰেছ দলক গান্ধীয়ে ভাঙিব বিচাৰিছিল বুলি উল্লেখ কৰে৷ আনহাতে বিজেপিক নীতি আদৰ্শৰ ওপৰত বিশ্বাসী দল বুলি অভিহিত কৰে শ্বাহে৷ তদুপৰি কোনোবাই দেশদ্ৰোহীতাৰ শ্লোগান দিলে সেইগৰাকী ব্যক্তি দেশদ্ৰোহী বুলিও কয় অমিত শ্বাহে৷