চৰাইদেউঃ আঢ়ৈ দশকজুৰি অৱহেলিত চৰাইদেউ জিলাৰ এক বৃহৎ অঞ্চলৰ বাবে স্থাপিত পশু চিকিৎসালয়খন হাবি-বননিয়ে আগুৰি পেলাইছে। অনুসূচিত জাতিৰ নামত আৱণ্টিত পশু চিকিৎসালয়খনৰ এনে দুৰৱস্থাৰ প্ৰতি কোনোধৰণৰ গুৰুত্ব নাই বিভাগীয় কৰ্তৃপক্ষৰ।

১৯৮১ চনতে স্থাপিত কোৰোকানি পশু চিকিৎসালয়খনৰ বাবে ৰাইজে মাটি দান কৰিছিল যদিও মাত্ৰ কেইমাহমান এজন ক্ষেত্র পৰিদৰ্শকে কাম কাজ চলাই বদলি হৈ গ’ল আন ঠাইলৈ।

পশুপালন বিভাগৰ চৰাইদেউ মহকুমাৰ অন্তৰ্গত কাৰ্যালয়ৰপৰা বিভাগীয় মহকুমা বিষয়াই কেইবাবাৰো পৰ্যবেক্ষণ কৰি আহিল যদিও ব্যৱস্থা কৰা নহ'ল চিকিৎসক বা ঔষধ-পাতিৰ। এইক্ষেত্ৰত মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহনো নিমাত হৈ থকাৰ অভিযোগ উত্থাপিত হৈছে।

প্ৰায় ১০-১২খন গাঁৱৰ জীৱ-জন্তুৰ বাবে অতি আৱশ্যক চিকিৎসালয়খনৰ এনে জৰাজীৰ্ণ অৱস্থাৰ বাবে পশু পালন বিভাগে ২৫ বছৰে কৰা গ্ৰহণ নাই কোনো ধনাত্মক পদক্ষেপ। এনেদৰেই পশুপালন বিভাগটো খেতিলৈ নোযোৱা গৰুহালৰ দৰে হৈ পৰিছে মাহমৰাৰ কোৰোকানিত।