
newsnextone.com। মাজুলীঃ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত মাজুলীৰ মহকুমা ছাত্ৰ সন্থাই গড়মূৰ সদৰত এক গণ বিক্ষোভ কাৰ্য্যসূচী হাতত লয়। ইন্ধনজাত সামগ্ৰী লগতে অন্যান্য মূল্য বৃদ্ধিৰ ৰোধ কৰাৰ দাবীত সংগঠনটোৱে এই কাৰ্য্যসূচী গ্ৰহণ কৰে। গণ বিক্ষোভ কাৰ্য্যসূচীত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজিক কাৰ্য নিৰ্বাহকৰ সদস্য সূৰ্য কুমাৰ ভূঞা, মাজুলীৰ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি অজিত হাজৰিকা, সম্পাদক বিতুপন শৰ্মা, মাজুলী মহকুমা ছাত্ৰ সন্থাৰ উপদেষ্টা দিপক নেওগ, প্ৰতি আঞ্চলিক সভাপতি সম্পাদক উপস্থিত থাকে।