মাজুলীঃ উজনি মাজুলীৰ দেৱোত্তৰত বিসংগতিপূৰ্ণ নিৰ্মাণ কাৰ্যৰ বাবে কেইমাহমান পূৰ্বে বন্ধ ৰখা 'আয়ুৰ্বেদিক চিকিৎসালয়'ৰ নিৰ্মাণ কাৰ্য পূৰ্বৰ বিসংগতি দূৰ নকৰাকৈয়ে পুনৰ আৰম্ভ কৰা বুলি উত্থাপিত ৰাজহুৱা অভিযোগ অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে মাজুলী জিলা প্ৰশাসনে।

নিৰ্মীয়মাণ চিকিৎসালয় গৃহৰ ভূমিগত আধাৰ আদিত ইতিমধ্যে থাকি যোৱা নিৰ্মাণ-বিসংগতি সন্তোষজনকভাৱে দূৰ নকৰাকৈয়ে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (এন এইচ এম)ৰ প্ৰকল্প অভিযন্তাই শেহতীয়াকৈ পুনৰ আৰম্ভ কৰা বুলি অভিযোগ উঠাৰ প্ৰতি লক্ষ্য ৰাখি মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই পুনৰ এই নিৰ্মাণকাৰ্য সন্দৰ্ভত গড়কাপ্তানী বিভাগৰ সহকাৰী অভিযন্তাৰ জৰিয়তে তদন্তৰ নিৰ্দেশ দিছে।

এই সন্দৰ্ভত উপায়ুক্ত মিশ্ৰই শনিবাৰে জাৰি কৰা এক নিৰ্দেশৰ জৰিয়তে মাজুলীস্থ গড়কাপ্তানী (গ্ৰাম্য পথ) বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা দীপক কুমাৰ দাস আৰু গড়কাপ্তানী (গৃহ) বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা অঞ্জন বৰুৱাক শীঘ্ৰে নিৰ্মীয়মান আয়ুৰ্বেদিক চিকিৎসালয় গৃহ পৰিদৰ্শন কৰি বিষয়টো সন্দৰ্ভত এক তদন্ত প্ৰতিবেদন দাখিল কৰিবলৈ দায়িত্ব দিছে।

গড়কাপ্তানী বিভাগৰ দুয়োগৰাকী অভিযন্তাই চিকিৎসালয় গৃহৰ ভূমিগত আধাৰসহ আয়ুৰ্বেদিক চিকিৎসালয়খনৰ নিৰ্মাণৰ সৈতে জড়িত কাৰিকৰী দিশসমূহ সামৰি অতি শীঘ্ৰে উপায়ুক্তৰ ওচৰত এই তদন্ত প্ৰতিবেদন দাখিল কৰিব লাগিব।