
মাজুলীঃ শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শিলচৰৰ এখন জনসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক সংসদত গৃহীত কৰিব বুলি ঘোষণা কৰাৰ লগে লগে ৰাজ্যজুৰি দল-সংগঠনৰ প্ৰতিবাদ অব্যাহত থকা সমান্তৰালকৈ মুখ্যমন্ত্ৰী সমষ্টি নদীদ্বীপ মাজুলীত শনিবাৰে দিনৰ ১ বজাত কমলাবাৰীত যুৱ ছাত্ৰ পৰিষদৰ মাজুলী জিলা সমিতিৰ কাৰ্যালয়ৰ সন্মুখত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাজুলী জিলা সমিতিৰ উদ্যোগত যোৱা তিনি জানুৱাৰীৰপৰা কাৰ্যালয় সন্মুখত ৰূপায়ণ কৰা অৱস্থান ধৰ্মঘট কাযসূচীৰ আজিৰ তৃতীয় দিনা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মাজুলীৰ জিলা সমিতিৰ উপ-সভাপতি ললিত দত্ত, অসম সাহিত্য সভা মাজুলী সমিতিৰ সম্পাদক ৰমেশ শইকীয়া, মাজুলী জিলা সাংবাদিক সন্থাৰ সভাপতি অৰুণ বৰা, মাজুলী জিলা সমিতিৰ অ গ প উপদেষ্টা বলো কলিতা, কমিউনিষ্ট পাৰ্টী মাজুলী সমিতিৰ কিশোৰ মোহন পাল জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাজুলী সমিতিৰ সভাপতি জগত হাজৰিকা, সম্পাদক অলিন হাজৰিকা আদিয়ে ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক এনে জাতিদ্ৰোহী সিদ্ধান্ত লোৱাৰপৰা বিৰত থাকিবলৈ সকীয়াই দিয়াৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল অসমৰ জনসাধাৰণৰ লগত থাকি অসমৰ কথা চিন্তা কৰিবলৈ সকীয়াই দিয়ে।
ইয়াৰ পাছতে কাৰ্যালয়ৰ সন্মুখতে যুৱ ছাত্ৰৰ উদ্যোগত কৃষক মুক্তি সংগ্ৰাম সমিতি মাজুলী জিলা সমিতি , অ গ প মাজুলী সমিতি, সাহিত্য সভা মাজুলী সমিতি আদিৰ সহযোগত মোডীয়ে কৰা ঘোষণাৰ প্ৰতিবাদত, প্ৰধানমন্ত্ৰীৰ পুত্তলিকা দাহ কৰে। প্ৰতিবাদথলীৰপৰাই মুখ্যমন্ত্ৰী হায় হায়, অসম চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোদী মুদ্দাবাদ, আদি ধ্বনিয়ে পৰিৱেশ উত্তাল কৰি তোলে।
প্ৰতিবাদথলিৰপৰা নৰেন্দ্ৰ মোডী আৰু সৰ্বানন্দ সোণোৱালক সকীয়াই কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক মুনিন্দ ভূঞা সভাপতি জগত হাজৰিকা, সম্পদক অলিন হাজৰিকাই কয়, জাতিদ্ৰোহী সিদ্ধান্ত কেতিয়াও মানি লোৱা নহ'ব আৰু সংগ্ৰাম চলি থাকিব। প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰীক বদন বৰফুকনৰ লগতো তুলনা কৰে।