♦ বি জে পিৰ বিজয়উল্লাসৰ মাজতে মাজুলীত অঘটন

♦ ভাঙি চুৰমাৰ কৰিলে চুইফ্ট ডিজায়াৰ

মাজুলীঃ পঞ্চায়ত নিৰ্বাচনত বি জে পিৰ বিজয়উল্লাসৰ মাজতেই মাজুলীত অঘটন। মাজুলীৰ বি জে পিৰ জিলা সাধাৰণ সম্পাদক নিতুল নাথৰ ওপৰত দুৰ্বিত্তই চলালে আক্ৰমণ।

নাথৰ চুইফট ডিজায়াৰ বাহনখনো ভাঙি চুৰমাৰ কৰিলে দুৰ্বৃত্তই। শুকুৰবাৰে নিশা মাজুলীৰ গড়মূৰস্থিত মাজুলীৰ জিলা বি জে পিৰ কাৰ্যালয়ৰপৰা ১০-৩০ বজাৰত ঘৰলৈ গৈ থকা অৱস্থাত পকাজৰা ওচৰৰ কঢ়াৰ ডুবিৰ ওচৰত দুখনকৈ মটৰ চাইকেলত অহা তিনিজন লোকে নিতুল নাথৰ গাড়ী ৰখাই আক্ৰমণ চলায়।

নাথে চলাই যোৱা চুইফট ডিজায়াৰ বাহন খনত ডাঙৰ ডাঙৰ পাথৰেৰে  আক্ৰমণ কৰে দুৰ্বিত্তই। গাড়ীৰপৰা প্ৰাণটো লৈ তিনি কিল'মিটাৰ পথ পানীত পৰি এঘৰ মানুহৰ ঘৰত আশ্ৰয় লৈ প্ৰাণ ৰক্ষা কৰে সম্পাদক জনে।

এই ঘটনাত বাহনখন ক্ষতিগ্ৰস্ত হয়। এই কাৰ্যক জিলা বি জে পিয়ে গৰিহণা দিয়াৰ লগতে দোষীক শাস্তি দিয়াৰ বাবে দাবী জনায়।