♦ কাম বন্ধ ৰাখিলে দুই সংগঠনে

মাজুলীঃ মাজুলীৰ লাহলিয়াল গাঁৱৰ লগত গড়কাপ্টানী পথ সংযোগী কালভাৰ্ট নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ উঠিছে।
প্ৰায় সাত লাখ টকাৰে কমলাবাৰীৰপৰা আউনীআটীলৈ গড়কাপ্টানী পথৰ লগত লাহলিয়াল গাঁৱক পশ্চিম দিশেৰে সংযোগ কৰা পথটোত নিৰ্মাণ কাৰ্য চলি থকা কালভাৰ্টটো কাষৰ বেৰ নিৰ্মাণত কোনো ৰড ব্যৱহাৰ নকৰাকৈ নিৰ্মাণ কাৰ্য আৰম্ভ কৰাত শনিবাৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু হিন্দু যুৱ ছাত্ৰ পৰিষদ মাজুলীৰ জিলা সমিতিৰ এটা প্ৰতিনিধি দল উপস্থিত হৈ নিম্ন মানৰ কাম কৰা আৰু প্ৰাক্ কলনৰ মতে কাম নকৰা পত্যক্ষ কৰি নিৰ্মাণ কাৰ্য বন্ধ কৰিবলৈ দাবী জনায়।
জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাজুলীৰ জিলা সমিতিৰ সভাপতি জগত হাজৰিকা আৰু হিন্দু যুৱ ছাত্ৰ পৰিষদৰ মাজুলী জিলা সমিতিৰ সভাপতি ধ্ৰুৱজ্যোতি গোস্বামী আৰু সংগঠনতোৰ সাংগঠনিক সম্পাদক মৃদুল শৰ্মাই অভিযোগ তুলি কয় নিৰ্মাণ কাৰ্যত ঠিকাদাৰ নথকাকৈ কেৱল শ্ৰমিক কেইজনক কামত লগাই কি উন্নত মানৰ কাম আশা কৰিব পাৰি বুলি ঠিকাদাৰলৈ প্ৰশ্ন তোলে।
উক্ত স্থানৰপৰাই মাজুলীৰ গড়কাপ্টানী কাৰ্যবাহি অভিযন্তা ৰাণা শৰ্মাক নিৰ্মাণ কাৰ্যত হোৱা দুৰ্নীতি কথা টেলিফোনৰ জৰিয়তে অৱগত কৰাত শৰ্মাই, পাতিৰ উপাধিৰ কণিষ্ঠ অভিযন্তাগৰাকীৰ যোগেদি নিৰ্মাণ কাৰ্য ঠিকাদাৰক বন্ধ কৰাই দিয়ে।
সংগঠন দুটাই শীঘ্ৰে পাক কলনৰ মতে কাম কৰিবলৈ দাবী জনাইছে।