মাজুলীঃ মাজুলীৰ বিভিন্ন দল-সংগঠন অনুষ্ঠান-প্ৰতিস্থানৰ সহযোগত মাজুলীৰ পথ পৰিবহণ আৰু যাতায়াত যোগাযোগৰ লগতে মাজুলী অর্থ-সামাজিক উন্নয়নৰ দিশত কেবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ শনিবাৰে এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয়।

অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ মাজুলী জিলা সমিতিৰ আহ্বানত সংগঠনতোৰ মুখ্য কাৰ্যালয় কমলাবাৰীত বিয়লি দুই বজাৰৰপৰা সভাখন অনুষ্ঠিত হয়। সংগঠনটোৰ মাজুলীৰ জিলা সমিতিৰ সভাপতি জগত হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্যে বাখ্যা কৰে সংগঠনটোৰ মাজুলী জিলা সমিতিৰ উপদেষ্টা ভবেন কাকতিয়ে।

সভাখনত মাজুলী মহাবিদ্যালয়ৰ প্ৰৱক্তা আনন্দ হাজৰিকা, সাংবাদিক সন্থাৰ মাজুলী জিলাৰ সম্পাদক দিপু বৰা, জ্যেষ্ঠ নাগৰিক ৰোহিত বৰুৱা, দিলীপ ভূঞা, যতীন বৰুৱা, মহেন্দ্ৰ কাকতি, মাজুলী জিলা মহিলা সমিতিৰ সভানেত্ৰী সুভদ্ৰ বৰা, সংগঠনটোৰ মাজুলী জিলা সমিতিৰ উপদেষ্টা টুটু গোস্বামী, সংগঠনটোৰ কেন্দ্ৰিয় প্ৰচাৰ সম্পাদক মুনীন্দ্ৰ ভূঞা আদিয়ে বিষয়টোত বহলভাৱে দাঙি ধৰে।

সভাত ব্ৰহ্মপুত্ৰ আৰু লুইত খাবলু নদীৰ ওপৰত পকী দলংৰ ব্যৱস্থা খৰটকীয়া কৰিবৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ জনোৱা, লগতে উত্তৰ পাৰৰ পৰিবহণ যোগাযোগ সুচল কৰিবলৈ চেলেক ঘটাৰপৰা ধুনাগুৰি ঘটাৰ ওপৰত পকী দলং নিৰ্মাণ কৰাকে আদি কৰি বিভিন্ন দিশৰ ওপৰত কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিবৰ বাবে সভাতেই তেৰজনীয়া এখন সমিতিও গঠন কৰি দিয়ে। সংগঠনটোৰ ভাৰপ্ৰাপ্ত সম্পাদক পৱিত্ৰ বৰাই জানিবলৈ দি কয়, শীঘ্ৰেই সভাৰ প্ৰস্তাৱ সম্পৰ্কত সমিতিখনে কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিব।