মাজুলীঃ স্বকীয় প্ৰাকৃতিক সৌন্দৰ্য্য আৰু সামাজিক আৰু সাংস্কৃতিক বৈশিষ্ট্যৰে দেশী-বিদেশী পৰ্য্যটকৰ সমাদৰ লাভ কৰা মাজুলী বৰলুইতত জাহ যোৱাৰ উপক্ৰম হৈছে। তথাপিও মাজুলীত মথাউৰি নিৰ্মাণত দুৰ্নীতি কমা নাই, ঐতিহ্য হেৰাই গ’লেও যেন গাত নালাগে এচাম ধনৰ লুভীয়া ঠিকাদাৰৰ। এই অভিযোগ উঠিছে মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীত। 

জানিব পৰা মতে ৬.১০ কোটি টকাৰে নিমাণ কৰা বেচামৰা হালধিবাৰী মথাউৰী পূবৰ চিগা অংশৰ মেৰামতিত ব্যাপক অনিয়ম সংঘটিত হৈছে। এচাম ঠিকাদাৰে যোৱা বৰ্ষৰ প্ৰৱল বানপানীয়ে বিধ্বস্ত কৰা মাজুলীৰ মুধচ স্বৰূপ বনগাৱৰ সমীপৰ হালধিবাৰী-বেচামৰা মথাউৰিটো পুনৰ নিৰ্মাণৰ বাবে ৬.১০ কোটি টকাৰ ঠিকা লাভ কৰিছিল।

নিৰ্মাণ কৰা মথাউৰিটোৰ ছিগা অংশত থকা বাহৰ মূঢ়া, কলৰ মূঢ়া, গছৰ ডাল আদি পেলাই তাৰ ওপৰতেই ব্ৰহ্মপুত্ৰৰ পাৰৰ বালি পেলাই ঠিকাদাৰে কৰা নিৰ্মাণ কাৰ্যৰ তীব্ৰ প্ৰতিবাদ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিযদৰ মাজুলী জিলা সমিতিয়ে। সমিতি তথা স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি মাজুলী জিলাৰ উপায়ুক্ত পল্লব গোপাল ঝাই ছিগা অংশ প্ৰত্যক্ষ কৰি ছিগা অংশৰ পৰা শীঘ্ৰে গছৰ মূঢ়াবোৰ আঁতৰাই সঠিকভাৱে মথাউৰিতো নিৰ্মাণ কৰিবলৈ ঠিকাদাৰক নিৰ্দেশ দিছে।