মাজুলীৰ কৃষকৰ বিপদ 
বিঘাই বিঘাই শুকাইছে বাওঁ ধানৰ খেতি
হুমুনিয়াহ কাঢ়িছে চহা কৃষকে

মাজুলীঃ হাড়ক মাটি কৰি,তেজক পানী কৰি মাজুলীৰ  কৃষকে কৰা বাওঁ ধানৰ খেতি বিঘাই বিঘাই শুকাই গৈছে মাজুলীৰ কেবাখনো পথাৰত।কপালৰ ঘাম মাটিত পেলায় কৰা কৃষিৰ ৰূপ দেখি এতিয়া হুমুনিয়াহ কাঢ়িছে কৃষক সকলে। কৃষিপ্ৰধান মাজুলীৰ কেইবাখনো পথাৰৰ কৃষকৰ  শেষ ভৰসা এতিয়া  চৰকাৰ আৰু কৃষি বিভাগৰ ওপৰত। মাজুলীৰ দক্ষিণ কমলাবাৰী পঞ্চায়তৰ অন্তৰ্গত লাহলিয়াল গাঁৱৰ ভেৰেকী পাথৰ,চাকুলি -ডাউক পৰা পথাৰ, শিঙিতলি পথাৰ,আৰু নতুন কমলাবাৰী সত্ৰৰ সমীপৰ পথাৰৰ লগতে গাঁৱখনৰ সমীপৰ কেবাখনো  ধাননি পথাৰত এতিয়া কাঁচি ধৰাৰ আগতেই শুকাই গৈছে।

ৰাজ্যত আঘোণৰ পথাৰত সোনগুটি ধান চাপোৱাত কৃষক ব্যস্ত হৈ থকাৰ সময়তে মাজুলীৰ এইকেইখন পথাৰৰ কৃষকলৈ অশনি সংকেত নমাই আনিছে অচিন বেমাৰে । মাটিৰ গুণাগুণ হ্ৰাস,বন্ধ পানী নাইবা অন্য কিবা পোকৰ প্ৰভাৱৰ ফলতেই এনে ধৰণেৰে কৃষি শুকাই যাৱ পাৰে বুলি কৃষক সকলে সন্দেহ প্ৰকাশ কৰি জানিবলৈ দিছে। এই ক্ষেত্ৰত মাজুলীৰ কৃষি বিভাগে শুকাই যোৱা ধাননি পাথৰ সমুহ জৰীপ কৰি বিজ্ঞান সন্মত ভাবে পৰীক্ষা কৰি প্ৰকৃত তথ্য লৈ কি কাৰণে এনেদৰে কৃষিপথাৰ সমুহ শুকাই গৈছে তাৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৃষক সকলে আহ্বান জনাইছে। 

উল্লেখযোগ্য যে লাহলিয়াল গাঁৱৰ তীৰ্থ বৰা, তৰুণ ফুকন,ডম্বৰু বৰা,বাবুল বৰা, ৰাজেন বৰাকে ধৰি কেইবাজনো কৃষকৰ বাওঁ ধানৰ কৃষি শুকাই যোৱাৰ লগতে সোনাৰিবাৰী গাঁৱৰো কেইবাজনো চহা কৃষকৰ কৃষি শুকাই গৈছে।
পৰাণ জ্যোতি বৰা, মাজুলী