মাজুলীঃ যোৱা ২৪ জানুৱাৰীত সৰুসজাইত পঞ্চায়ত প্ৰতিনিধিৰ আদৰণি সভাত উপস্থিত থাকি মন্ত্ৰী হিমন্তৰ বিশ্ব শৰ্মাই জাতীয়তাবাদী দল-সংগঠনসমূহৰ লগতে সাংবাদিক, বুদ্ধিজীৱীক লক্ষ্য কৰি যি তুচ্ছ-তাচ্ছিল্য কৰিলে, ইয়াৰ প্ৰতিবাদত শুকুৰবাৰে মাজুলীৰ কমলাবাৰীত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাজুলী জিলা সমিতিৰ কাৰ্যলয়ৰ সন্মুখত বিয়লি ৩-৩০ বজাৰত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, অনুসূচীত জাতি ছাত্র সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতি মাজুলী জিলা সমিতি উদ্যোগত আৰম্ভ হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকৰীসকলে হাতে হাতে বিভিন্ন প্লে-কাৰ্ড লৈ হিমন্ত বিশ্ব শৰ্মা মূর্দাবাদ, অসম চৰকাৰ হয় হয়, জাতীয় নায়ক মূর্দাবাদ আদি ধ্বনি দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদস্থলীৰপৰাই যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক মুনীন্দ্ৰ ভূঞাই সকীয়াই দি কয় হিমন্ত বিশ্ব শৰ্মাৰ দাম্ভিক কথা সহ্য কৰা নহ’ব আৰু জাতিধ্বংসী বিধেয়ক মানি লোৱা নহ’ব। যুৱ ছাত্ৰৰ মাজুলী জিলা সমিতিৰ সভাপতি জগত হাজৰিকা, ভাৰপ্ৰাপ্ত সম্পাদক পৱিত্ৰ বৰা অনুসূচীত জাতি ছাত্র সন্থাৰ মাজুলী জিলা সমিতিৰ সম্পাদক বিকাশ দাস কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিনিধি ললিত দত্তকে আদি কৰি সংগঠনকেইটাৰ বহু বিষয়ববীয়াই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।