♦ ১০ বিঘা খেতি মাটিত ৰচিছে সেউজ সপোন
♦ ৰোগেও হাৰ মনাব পৰা নাই বিৰিঞ্চি ৰাজখোৱাক
♦ কৃষি বিভাগৰপৰা পোৱা নাই কোনো সুবিধা

পৰাণ জ্যোতি বৰা,মাজুলীঃ চৰকাৰী চাকৰিলৈ বাট নাচায় মাজুলীৰ ভকত চাপৰি অলিমুৰাৰ শিক্ষাত নিবনুৱা যুৱক বিৰিঞ্চি ৰাজখোৱাই ১০ বিঘা মাটিৰে গঢ়ি তুলিছে কৃষি পাথৰ। নিবনুৱাসকলৰ বাবে আদৰ্শ হৈ পৰিছে মাজুলীৰ বিৰিঞ্চি। মগজুৰ জটিল ৰোগত আক্রান্ত হৈ আজি এক বছৰৰ পূৰ্বে অপাৰেচন কৰা বিৰিঞ্চিক ৰোগেও যেন হাৰ মনাব পৰা নাই।
১৮ বছৰ ধৰি বিভিন্ন প্ৰজাতিৰ কবি, আলু, জিকা, বিলাহী, বেঙেনা, জলকীয়া, দাংবডী, ফেন্সবিন, লাইশাক, লফাশাক, ধনীয়া আদি ভিন্ন কৃষি কৰ্মৰ যোগেদি আত্ম সংস্থাপনৰ পথ বাছি লৈছে বিৰিঞ্চিয়ে।
এই কৰ্মৰ যোগেদি নিজৰ লগতে পৰিয়ালক পোহপাল দিয়া বিৰিঞ্চিযে ৫জনকৈ নিবনুৱাক সংস্থাপন দিবলৈও সক্ষম হৈছে। ব্যয়বহুল চিকিৎসাৰ পাছত বৰ্তমান ক্ৰমাৎ সুস্থ হৈ উঠা যুৱকজনে পত্নী ৰীণা ৰাজখোৱাৰ সহযোগত বৰ্তমান কৃষি কৰ্মৰ যোগেদি আগবাঢ়ি যাব পৰিছে বুলি জানিবলৈ দিয়ে।
দুটা সন্তানৰ পিতৃ বিৰিঞ্চিয়ে কৃষি বিভাগৰ ফালৰপৰা কোনো সুবিধা আজিলৈকে লাভ কৰা নাই বুলি উল্লেখ কৰে। উচ্চতৰ মাধ্যমিক পৰীক্ষা পাছ কৰাৰ পাছতেই কৃষি কৰ্মত আত্মনিয়োগ কৰা যুৱকজনে আজি ১৮ বছৰে কোনো এজন মাজুলীৰ কৃষি বিভাগৰ বিষয়া তেওঁ কৰা কৃষি পদ্ধতি পৰিদৰ্শন কৰিবলৈ নাহিল বুলি আক্ষেপ প্ৰকাশ কৰিছে।
আনকি তেওঁ কৃষি বিভাগক জনোৱাৰ পাছতো কোনো সুবিধা আজিলৈকে নোপোৱাৰ অভিযোগ কৰিছে। যিটো সময়ত শিক্ষিত নিবনুৱা সকলে ৰাজ্যৰ বাহিৰত কৰ্মসংস্থাপন বিচাৰি গৈছে, সেই সময়ত মাজুলীৰ বিৰিঞ্চি নিবনুৱাসকলৰ বাবে আদৰ্শ হৈ পৰিছে।