♦ ভক্তৰ সমাগমেৰে মুখৰিত আজলি আই থান

♦ স্মৃতিগ্ৰন্থ উন্মোচন 

আজলী আই থানৰপৰা পৰাণ জ্যোতি বৰা, মাজুলীঃ দুদিনীয়াকৈ আয়োজিত মাজুলীৰ মেখেলি গাঁও মায়ামৰা আজলী আয় থানৰ বাৰ্ষিক থান সেৱা উৎসৱৰ ১৯ জানুৱাৰীৰ প্ৰথম দিনাৰ কাৰ্যসূচীৰ স্মৃতি গ্ৰন্থ ’আজলী আই’ উন্মোচন কৰে মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ দেৱজিৎ শইকীয়াই৷

আনহাতে তেখেতে আজলী আই (বা-ভগা) থানক অসমৰেই এক সমন্বয় কলাক্ষেত্ৰ ৰূপে গঢ় দিবলৈ চৰকাৰলৈ আহ্বান জনায়৷ মায়ামৰা আজলী আই (বা-ভগা) থান সাংস্কৃতিক কেন্দ্ৰই দীৰ্ঘ বছৰৰপৰাই মাঘৰ দ্বিতীয়টো শনি আৰু দেওবাৰত দুদিনীয়াকৈ মায়ামৰা সমাজৰ আদ্যগুৰু শ্ৰীশ্ৰী অনিৰুদ্ধ দেৱৰ মাতৃ আজলী আই থানৰ বাৰ্ষিক সেৱা উৎসৱভাগী উদযাপন কৰি আহিছে। 

এই বৰ্ষত পোন প্ৰথমবাৰৰ বাবে থানভাগীৰ ঐতিহ্যক প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ উদ্দেশ্য 'আজলী আই' নামেৰে এখনি স্মৃতি গ্ৰন্থ প্ৰকাশ কৰি উলিয়াই দেওবাৰে আৰম্বৰ পূৰ্ণভাৱে উন্মোচন কৰে৷ এই উন্মোচনী সভাৰ সভাপতিত্ব কৰে স্মৃতিগ্ৰন্থ সম্পাদনা সমিতিৰ সভাপতি দীপক দাসে, স্মৃতিগ্ৰন্থৰ সম্পাদক জিতুল দাসে আঁত ধৰা সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মায়ামৰা পুৰনিমাটি আতাপাম সত্ৰৰ সত্ৰাধিকাৰ বাসুদেবা নন্দ গোস্বামী, চাবুৱাৰ মায়ামৰা মদাৰখাট সত্ৰৰ সত্ৰাধিকাৰ সচিদানন্দ গোস্বামী, যোৰহাট জগনাথ বৰুৱা মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক ড° ইন্দ্ৰেশ্বৰ দাস, মাজুলী মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহযোগী অধ্যাপক ৰাজেন চন্দ্ৰ বৰা, চামগুৰি সত্ৰ ৰাৱনাপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সোমনাথ দাস, বিশিষ্ট অনাতাঁৰ শিল্পী কদম চন্দ্ৰ দাস, অসম ক্ৰিকেট এছ’চিয়েচনৰ নৱ-নিৰ্বাচিত সভাপতি ৰমেন দত্ত, বি জে পিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য প্ৰমোদ বৰা, মনোজ বৰাকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

সভাখনৰ আৰম্ভনিতে বিশিষ্ট অনাতাঁৰ শিল্পী বিষ্ণু দাসৰ পৰিচালনাত অঞ্চলৰ শিশু তথা যুৱক-যুৱতীসকলে সমবেত হৈ শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱ বিৰচিত বৰগীতেৰে সকলোকে আদৰণি জনাই আৰ্কষিত কৰে৷

সভাপতিৰ ভাষণত দীপক দাসে আজলী আই কেৱল মায়ামৰা সকলৰেই নহয় সকলোৰে আদৰৰ আৰু ত্যাগী মহিলা আছিল বুলি মন্তব্য কৰে, স্মৃতিগ্ৰন্থৰ সম্পাদক জীতুল দাসে ১৬২৯ খ্ৰীষ্টাব্দতেই প্ৰতিষ্ঠা হোৱা এই থানখনৰ অৰ্ন্তগাঁথনিৰ বাবে স্থানীয় বিধায়ক তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আৰু গড়কাপ্তানী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শলাগ লয়৷

অনাগত দিনত চৰকাৰক এই থানখন পৰ্যতনৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাৰ আহ্বন জনায়৷ এই উন্মোচনী অনুষ্ঠানৰ পৰিসমাপ্তিৰ পাছতেই ’অসমীয়া সমাজলৈ মহাপুৰুষ শ্ৰীশ্ৰী অনিৰুদ্ধ দেৱৰ অৱদান’ শীৰ্ষক এক আলোচনা-চক্ৰ অনুষ্ঠিত হয়। শ্ৰীশ্ৰী মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ বাসুদেৱানন্দ দেৱগোস্বামীয়ে উদ্ধোধন কৰা আলোচনা-চক্ৰৰ পৰিচালনা কৰে চামগুৰি সত্ৰ ৰাৱনাপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সোমনাথ দাসে প্ৰবীণ অনাতাঁৰ শিল্পী কদম চন্দ্ৰ দাস জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ বুৰঞ্জী বিবাগৰ মুৰব্বী অধ্যাপক ডক্টৰ ইন্দেশ্বৰ দাস, মাজুলী মহাবিদ্যালয়ৰ অধ্যাপক ৰাজেন চন্দ্ৰ বৰাই আলেচনা-চক্ৰত মুখ্য আলোচক হিচাপে থাকি অসমীয়া সমাজ গঢ়াত মহাপুৰুষ দুজনাৰ সমান্তৰাল কৈ শ্ৰীশ্ৰী অনিৰুদ্ধ দেৱৰ অৱদানৰ সাৰগৰ্ভ আলোচনা আগবঢ়ায়৷ 

আজি পুৱাৰপৰা থানস্থলীত অগনন ভক্তৰ ভিৰে মুখৰিত কৰা পৰিলক্ষিত হয়৷ পুৱা ৬ বজাত পৰিৱেশ নিকা কৰণেৰে অনুষ্ঠানৰ শুভাৰম্ভ হয়৷ পুৱা ৭ বজাত বন্তি প্ৰজ্বলন কৰে মাজুলী ঠাকুৰ বাৰীৰ দেবেন চন্দ্ৰ দাস আৰু লীলাকান্ত দাসে৷ অৱসৰপ্ৰাপ্ত শিক্ষক ৰূপেশ্বৰ হাজৰিকাই বৃক্ষ ৰোপন কৰাৰ পাছত ধৰ্মধ্বজা  উত্তোলন কৰে চাবুৱা মদাৰখাত সত্ৰৰ সত্ৰাধিকাৰ সচিদানন্দ দেৱ গোস্বামীয়ে।