
মাজুলীঃ মাজুলীৰ বৰ্ণনা নতুনকৈ দিয়াৰ প্ৰয়োজন নাই৷ মাজুলী ক’ত কিয় বিখ্যাত সেই কথা অসমৰ মানুহক কিয় বিশ্বৰ মানুহক কোৱাৰ প্ৰয়োজন নাই৷ অসমীয়াৰ আৱেগ, অনুভূতি মাজুলী৷ লোক-সংস্কৃতিৰ ভৰাল মাজুলী৷ মাজুলী চৌদিশৰ পৰা চহকী৷ জাতি-জনগোষ্ঠীৰ মিলন ভূমি মাজুলী৷ সত্ৰীয়া নৃত্য, গীত, খোল-তাল, ভাওনা-সবাহ, মিচিং গাভৰুৰ ঐনিতমৰ সুৰ মাজুলীৰ পৰিচয়৷
অসমীয়া মানুহৰ আৱেগ জড়িত হৈ আছে মাজুলীৰ সভ্যতা-সংস্কৃতিৰ সৈতে৷ অসমৰ জন-জীৱনৰ সৈতে মাজুলীৰ সত্ৰীয়া সংস্কৃতিৰ আছে এৰাব নোৱৰা এক সম্পৰ্ক৷ ভাগৱতী সত্ৰ, বেলসিদ্ধিয়া সত্ৰ, বেঙেনাআটী সত্ৰ, বালিচাপৰিৰ এলেঙি সত্ৰ, বিহিমপুৰ সত্ৰ, বাঘৰগঞা সত্ৰ, বতাৰগঞা সত্ৰ, পোহাৰিদয়া সত্ৰ, পুনিয়া সত্ৰ, নাচনিপাৰ সত্ৰ, নৰসিংহ সত্ৰ, দীঘলী সত্ৰ আদি অলেখ সত্ৰ আছে মাজুলীত৷
জগতগুৰু শংকৰদেৱে মাজুলীত ধূঁৱাহাট-বেলগুৰিত প্ৰথমখন সত্ৰ প্ৰতিষ্ঠা কৰি অসমীয়া সংস্কৃতিক সুকীয়া মাত্ৰা প্ৰদান কৰিছিল৷ নদীদ্বীপ মাজুলী৷ যোৰহাট জিলাৰ এটা মহকুমা আছিল মাজুলী৷ এতিয়া মহকুমাৰ পৰা জিলা হ’ল। জাতি-মাটি-ভেটিৰ কথা কৈ শাসনলৈ অহা বিজেপিয়ে ২০১৬ চনৰ ২৭ জুনত মাজুলীক জিলা ঘোষণা কৰে৷
সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্ৰজোট চৰকাৰে মাজুলীক জিলা ঘোষণা কৰাত দেশৰ ভিতৰতে প্ৰথমখন নদীদ্বীপ জিলা হৈ পৰে মাজুলী। মাজুলীৰ ১২৫০ বৰ্গকিলোমিটাৰ মাটিকালি আছিল, কিন্তু খহনীয়াৰ ফলত ১৯৯৯ চনৰ পৰা সেয়া হ্ৰাস পায়। নদীৰ বুকুত প্ৰতিদিনে মাজুলীৰ ভূমি জাহ যাবলৈ ধৰাত মাজুলী সংকুচিত হ’বলৈ ধৰে।
বছৰৰ প্ৰতিটো বাৰিষা বানৰ কবলত পৰি মাজুলীবাসীয়ে ককবকাই থাকিব লগা হয়৷ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বছৰে ঘৰ-দুৱাৰ উটুৱাই নি ব্যাপক ক্ষতি সাধন কৰে৷ শ শ লোকে হাহাকাৰ কৰিব লগা হয়৷ এটুপি খোৱাপানী, এসাজ ভাতৰ বাবে চকুলো টুকিব লগা হয় মাজুলীবাসী৷ চকুৰ পচাৰতে ঘৰ-বাৰি, গছ-গছনি উটুৱাই নিয়ে দুখ লগা প্ৰতিচ্ছবিখন কেৱল অসহায় হৈ চাই থাকিব লগা হয়৷
প্ৰতিবছৰে বানৰ কবলত পৰা শ শ লোক আশ্ৰয় শিবিৰত থাকিব লগা হয়৷ মাজুলীৰ আৱাল, বৃদ্ধ-বনিতাই নীৰৱে সহি যাব লগা হয় সকলো৷ চৰকাৰ তথা প্ৰশাসনে বানৰ কবলত পৰি হাহাকাৰ কৰা মাজুলীৰ সৰ্বসাধাৰণক পৰ্যাপ্ত সাহায্য নিদিয়াৰ লগতে বানৰ পানী কমাৰ পাছতো ৰাস্তা-ঘাট মেৰামতি কৰি নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে৷
বিশ্ব ঐতিহ্য হ’ব পৰাকৈ সমল থকা মাজুলীক চৰকাৰে গুৰুত্ব আৰোপ কৰা দেখা নাযায়৷ নদীদ্বীপ মাজুলীক ৰক্ষাৰ বাবে চৰকাৰে বছৰি কোটি কোটি টকা খৰছ কৰে যদিও তাৰ দ্বাৰা মাজুলীবাসীয়ে সুফল নাপায়৷ মথাউৰি নিৰ্মাণ কৰাৰ নামত সংঘটিত হয় কেলেংকাৰী৷ মথাউৰিৰ বাবেই নদীদ্বীপ মাজুলী সংকুচিত হৈ আহিছে৷ তাৰ লগে লগে মাজুলীৰ বাট-পথ আজিও পুতৌ লগা৷
দলঙৰ অভাৱত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিজা সমষ্টি মাজুলীত বানাক্ৰান্তই যাতায়ত কৰিব লগা হয় কলৰ ভূৰত। ছাত্ৰ-ছাত্ৰী, চাকৰিয়াল, ব্যৱসায়ীয়ে অতি বিপদসংকুলভাৱে কলৰ ভূৰৰে বিভিন্ন ছিগা পথ অতিক্ৰম কৰিব লগা হয়৷ মাজুলীৰ দুৰ্ভগীয়া লোকসকলৰ বাবে কোনো সূচল ব্যৱস্থা গ্ৰহণ কৰা নাই মাজুলী জিলা প্ৰশাসন অথবা পঞ্চায়ত প্ৰতিনিধিয়ে।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিজা সমষ্টি মাজুলীত বানপীড়িতই সাহায্য নোপোৱাৰ অভিযোগ উঠিছে৷ মথাউৰি আৰু গড়কাপ্তানী পথৰ দাঁতিৰ বানাক্ৰান্তসকলক প্ৰশাসনে যিদৰে সহায় সহযোগ কৰিছে তেনে সহায়-সহযোগ পথৰ পৰা দূৰত থকা গাঁৱৰ লোকসকলে লাভ নকৰা বুলি জানিব পৰা গৈছে।
প্ৰায় দহ কিঃ মিঃ দূৰত্বত থকা গাঁওসমূহৰ লোকে সাহায্যৰ নামত মাত্ৰ ডেৰ কিলোগ্ৰাম চাউল, দুশ গ্ৰাম দাইল লাভ কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। এই সকল বানাক্ৰান্তই মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী উত্থাপন কৰিছে। মাজুলীৰ মেৰুদণ্ডস্বৰূপ মথাউৰিটোৰ সোণোৱাল কছাৰীৰ সমীপত ছিঙি নিয়াৰ পিছত বিধ্বস্ত গাঁও সমূহৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে।
সোণোৱাল কছাৰী, হালধিবাৰী, ৰতনপুৰ মিৰি, নয়াবজাৰ, বৰবিল, কলেজ কলনী, ফুটচাং, কান্ধুলিমাৰী, বৰুৱাচুক, মোৱামাৰী, পানীখাটী, কুঁহিয়াৰবাৰী, মলং, মৰিসুঁতি, টেঙাপনীয়া, চাপৰিগাঁও, কতিয়া চাপৰি, গোপালপুৰ, চিৰাম দেউৰী, মূদৈবিল, ছমহীয়াআটী, চেৰেপা, ভকতিদুৱাৰ, গোসাইবাৰী ইত্যাদি গাঁওসমূহৰ ৰাস্তা-ঘাট সমূহ ছিঙি যোৱাত দূৰ্বিসহ জীৱন কটাবলগীয়া হৈছে বানাক্ৰান্তসকলে।
ইয়াৰে মৰিসুঁতি গাঁওখনৰ যাতায়তৰ একমাত্ৰ পথটিৰ দুয়োমূৰে থকা ক্ৰমে দুখন দলং আৰু কাৰ্লভাটটো বলীয়া বানে উটুৱাই নিয়াৰ ফলত গাঁওখনৰ ৰোগী, প্ৰসূতি, বিদ্যালয়লৈ যাবলগীয়া ছাত্ৰ-ছাত্ৰীসকলে একপ্ৰকাৰৰ গৃহবন্দীত্বৰ জীৱন কটাইছে। ইফালে ৰাজহ গাঁও নোহোৱাৰ বাবে গাঁওখনৰ প্ৰতি চৰকাৰী পক্ষৰ দৃষ্টি নপৰা বুলি অভিযোগ উত্থাপিত হৈছে৷