♦ মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ

মাজুলীঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত মুখ্যমন্ত্ৰী সমষ্টি নদীদ্বীপ মাজুলীত তীব্র প্ৰতিবাদ।

শ্ৰেণী কোঠা এৰি ছাত্র-ছাত্ৰী ওলাল ৰাজপথলৈ। এই জাতিধ্বংসী বিধেয়ক বাতিল নকৰা পৰ্যন্ত ছাত্র-ছাত্ৰীয়ে কৰিলে শ্ৰেণী বৰ্জন।

বৃহস্পতিবাৰে পূব মাজুলী মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলে শ্ৰেণী কোঠাৰপৰা ওলাই আহি ৰাজপথত অৱস্থান কৰে। পুৱা ১১ বজাৰপৰা ছাত্র-ছাত্ৰীসকলে ৰাজপথত অৱস্থান কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে মহাবিদ্যালয়ৰ সন্মুখৰ ৰাজপথত অৱস্থান কৰি জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে গৰজি উঠে।

ৰাজপথতে টায়াৰ জ্বলাই ৰাজপথ অৱৰোধ কৰাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, মুখ্যমন্ত্ৰী হায় হায়, অসম চৰকাৰ হায়, হায় আদি শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে।

ছাত্র-ছাত্ৰীসকলে জানিবলৈ দিয়া অনুসৰি এই বিধেয়ক বাতিল নকৰা পৰ্যন্ত অনিৰ্দিষ্টকাললৈ পূব মাজুলী মহাবিদ্যালয়ৰ ছাত্র–ছাত্ৰীসকলে শ্ৰেণী বৰ্জন কৰিব বুলি জনাইছে। এই বিধেয়ক বাতিলৰ দাবীত তীব্র প্ৰতিবাদ অব্যাহত আছে মাজুলীত।