♦ আবেনকাৰীক শীঘ্ৰে বেংকৰ সৈতে যোগাযোগৰ আহ্বান উপায়ুক্তৰ

মাজুলীঃ ৰাজ্যৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলক আত্ম-সংস্থাপনেৰে স্বাৱলম্বী হোৱাত সহায় কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আগ্ৰহত উদ্যোগ বিভাগে আৰম্ভ কৰা 'স্বামী বিবেকানন্দ অসম যুৱ সবলীকৰণ' (স্বয়েম) আঁচনিখন মাজুলী জিলাতো সফলতাৰে কাৰ্য ৰূপায়ণ কৰিবলৈ যৌথ প্ৰয়াস চলাইছে মাজুলী জিলা প্ৰশাসনৰ লগতে জিলা উদ্যোগ কেন্দ্ৰ আৰু বেংকসমূহে।
উৎপাদন, ব্যৱসায় আৰু সেৱা খণ্ডত আত্মসংস্থাপনমূলক প্ৰকল্প আৰম্ভ কৰিব পৰাকৈ শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলক বেংকৰ জৰিয়তে ২০ শতাংশ ৰাজসাহায্যযুক্ত সুলভ ঋণ প্ৰদানৰ বাবে ৰাজ্য চৰকাৰৰ উদ্যোগ বিভাগে এই অভিলাষী আঁচনিখন গ্ৰহণ কৰিছে।
'স্বয়েম' আঁচনিৰ অধীনত নতুনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান বা উৎপাদন গোট স্থাপন কৰিব বিচৰা নিবনুৱা যুৱক-যুৱতীক ১ লাখ টকাকৈ আৰু ইতিমধ্যে এনে আত্মসংস্থাপনমূলক প্ৰকল্প হাতত লোৱা যুৱক-যুৱতীসকলক ২ লাখ টকাকৈ সুলভ ঋণ আগবঢ়োৱা হ'ব।
মাজুলীত প্ৰথম পৰ্যায়ত অহা ১২ জানুৱাৰীত জিলাখনৰ হিতাধিকাৰীসকলৰ মাজত আনুষ্ঠানিকভাৱে এই স্বয়েম ঋণৰ মঞ্জুৰী-পত্ৰ বিতৰণৰ বাবে জিলা প্ৰশাসনে জোৰদাৰ তৎপৰতা চলাইছে। উল্লেখ্য যে 'স্বয়েম ঋণ'ৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে প্ৰতিগৰাকী হিতাধিকাৰীক ২০ শতাংশ ধন ৰাজসাহায্য হিচাপে প্ৰদান কৰাৰ দায়িত্ব লোৱাৰ বিপৰীতে বেংকে ৫৫ শতাংশ পুঁজি ঋণ হিচাপে আগবঢ়াব।
অৱশিষ্ট ২৫ শতাংশ ধন হিতাধিকাৰীয়ে নিজৰ অংশ হিচাপে আগতীয়াকৈ বেংকত জমা দিব লাগিব। ১ লাখ টকা ঋণৰ ক্ষেত্ৰত হিতাধিকাৰীয়ে ৰাজসাহায্য হিচাপে চৰকাৰৰপৰা পাব ২০ হেজাৰ টকা আৰু হিতাধিকাৰীৰ নিজা অংশ হ'ব ২৫ হেজাৰ টকা।
একেদৰে ২ লাখ টকা ঋণৰ ক্ষেত্ৰত ৰাজসাহায্যৰ পৰিমাণ ৪০ হেজাৰ টকা হোৱাৰ বিপৰীতে নিজা অংশ হ'ব ৫০ হেজাৰ টকা। এই ৰাজসাহায্যযুক্ত ঋণৰ বাবে ইতিমধ্যে আবেদন কৰা মাজুলীৰ নিবনুৱা যুৱক-যুৱতীসকলক অতি শীঘ্ৰে সংশ্লিষ্ট বেংক তথা গড়মূৰস্থিত উদ্যোগ বিভাগৰ অধীক্ষকৰ কাৰ্যালয়ৰ লগত যোগাযোগ কৰিবলৈ মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই অনুৰোধ জনাইছে।
তদুপৰি, আবেদনকাৰীসকলে ইউ বি আইৰ গড়মূৰ শাখাত বহা জিলা প্ৰমুখ বেংক প্ৰৱন্ধক সঞ্জীৱ কুমাৰ বৰা (মোবাইল নম্বৰ ৮৬৩৮১২৩০০৮) আৰু উদ্যোগ অধীক্ষক ৰাজীৱলোচন বৰা (৭০০২১৯৬৪৭১)ৰ সৈতেও যোগাযোগ কৰিব পাৰিব।
জিলা প্ৰমুখ বেংক প্ৰৱন্ধক বৰাই জনোৱা মতে, জিলাখনৰ হিতাধিকাৰীসকলে অহা ৯ জানুৱাৰীৰ ভিতৰতে তেওঁলোকৰ নিজা অংশৰ ধন সংশ্লিষ্ট বেংকত জমা দি প্ৰথম পৰ্যায়তে 'স্বয়েম' ঋণ মঞ্জুৰী-পত্ৰ লাভ কৰাটো সুনিশ্চিত কৰিব পাৰিব।