মাজুলীঃ ভাৰত চৰকাৰৰ অটল টিনকাৰিং লেবৰেটৰী আঁচনিৰ অধীনত এটা বিজ্ঞানাগাৰ ২০ জানুৱাৰীত মাজুলীৰ শংকৰদেৱ বিদ্যা নিকেতন, গড়মূৰত উদ্ধোধন কৰা হ’ব। 

ভাৰত চৰকাৰে বিদ্যালয়সমূহত ছাত্র-ছাত্ৰীসকলৰ মাজত বিজ্ঞান শিক্ষাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ লগতে বিষয়বস্তুসমূহৰ সঠিক ৰূপত উপস্থাপন কৰাৰ ক্ষেত্ৰত সহায় হোৱাকৈ অনুদান দি অহা লক্ষাধিক টকাৰ সামগ্ৰীয়ে এই লেবটো ইতিমধ্যে নিকেটতখনত সংস্থাপন কৰা হৈছে। 

এই লেবটো কালিলৈ আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব। সেই উদ্দেশ্য কাইলৈ পুৱা ১১ বজাৰপৰা আয়োজিত অনুস্থানত ছাত্র-ছাত্ৰীসকলক বিজ্ঞান শিক্ষাৰে আগুৱাই আনিব পৰাকৈ এই অনুস্থানতেই বিজ্ঞানৰ মডেল প্ৰস্তুত কৰি প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে বুলি নিকেতনখনৰ প্ৰধান আচাৰ্য বাবুল ভূঞাই জানিবলৈ দিছে।