কলিয়াবৰঃ তুমি নুবুজিবা সখী কিনো বেদনাত/ ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱীক বিসৰ্জো আমি/ বিজয়াৰ বিফল সন্ধ্যাত৷ শেৱালীৰ সুৱাসেৰে বুকু শাত পেলাবলৈ আহি আছে শৰত৷ ন উচাহৰ চাদৰ গাত মেৰিয়াই শৰত আহিব৷ কহুৱা ফুলিব৷ নিজান ৰাতিৰ জোনাক হৈ বাঢ়িব বুকুৰ হেপাঁহ৷ শৰত মানেই এক নতুন ঋতু৷ শৰত মানেই এক নতুন খবৰ৷ শৰত মানেই এক নতুন শক্তি৷

শৰতৰ বতৰা লৈ শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাথো কেইটিমান দিন বাকী। ঠায়ে ঠায়ে দুৰ্গোৎসৱৰ প্ৰস্তুতি চলি থকাৰ সময়তে কলিয়াবৰত দেৱীৰ প্ৰতিমাক জীৱন্ত ৰূপ দিয়াত ব্যস্ত হৈ আছে এগৰাকী যুৱতী। মৃন্ময় শিল্পক জীৱিকাৰ পথ হিচাপে বাচি লৈ পৰিয়াল পোহপাল দিয়াৰ ক্ষেত্ৰখনতো পিছ পৰি ৰোৱা নাই এই যুৱতীগৰাকী। 

সমগ্ৰ দেশ তথা ৰাজ্যজুৰি এতিয়া মা-দুৰ্গাক আদৰিবলৈ চলিছে ব্যাপক প্ৰস্তুতি। প্ৰতিমা নিৰ্মাণত ব্যস্ত খনিকৰসকল। কলিয়াবৰতো দেৱীৰ মৃন্ময় প্ৰতিমাক জীৱন্ত ৰূপ দিয়াত ব্যস্ত এই পৰিয়ালটো। কলিয়াবৰৰ নাম-কামাখ্যা গাঁৱৰ সবিতা পাল নামৰ যুৱতীগৰাকীৰ পৰিয়ালটো বিগত ত্ৰিশটা বছৰৰো অধিক কাল জড়িত হৈ আছে এই শিল্পত। 

পিতৃৰ বিয়োগৰ পাছত বিগত সাত বছৰে যুৱতীগৰাকীয়ে নিজাববীয়াকৈ মৃন্ময় মুৰ্ত্তি সাজি ছজনীয়া পৰিয়ালটো পোহপাল দিয়াৰ লগতে ৰক্ষা কৰি আহিছে পিতৃৰ পৰম্পৰা। দুগৰাকী ভগ্নী আৰু মাতৃয়েও সবিতা পালক সহায় আগবঢ়াই আছে এই শিল্পকৰ্মত। বিগত বৰ্ষসমুহৰ তুলনাত এইবাৰ হ্ৰাস পাইছে প্ৰতিমাৰ সংখ্যা। শেহতীয়াকৈ হৈ যোৱা বানপানীৰ ফলত কলিয়াবৰত হ্ৰাস পাইছে শাৰদীয় দুৰ্গোৎসৱৰ উৎসাহ-উদ্দীপনা।

এক জৰাজীৰ্ণ পৰিবেশত অতি কষ্টৰে এই শিল্পটোক জীয়াই ৰাখিছে এইগৰাকী খনিকৰে। কিন্তু চৰকাৰৰ পৰা আজিপৰ্য্যন্ত লাভ কৰা নাই কোনোধৰণৰ চৰকাৰী সাহায্য। তথাপিও থমকি ৰোৱা নাই নিজৰ শিল্পকৰ্মত।
শাৰদীয় বতৰত সবিতা পালৰ এনে প্ৰচেষ্টা সমগ্ৰ নাৰী-সমাজৰ বাবে এক অনুকৰণীয় আদৰ্শ।