
newsnextone.com। খাৰুপেটীয়াঃ শাৰদীয় দূৰ্গোৎসৱলৈ হাতত মাথো কেইটিমান দিন বাকী। সকলো মৃন্ময় শিল্পী প্ৰতিমা নিৰ্মাণত ব্যস্ত হৈ পৰিছে। প্ৰত্যেক বছৰৰ দৰে এইবাৰো দৰঙৰ ব্যৱসায়ীক নগৰ খাৰুপেটীয়াত সৰ্বাধিক পূজা মণ্ডপ আয়োজন কৰিছে খাৰুপেটীয়াবাসী ৰাইজে।
নগৰখনৰ বাৰোৱাৰী পূজা মন্দিৰ, ঠাকুৰ পট্টি, জয়ন্তী নগৰ, গোপাল নগৰ, ৰামনগৰ, জনতা নগৰ, টিলাপট্টি, সোণাৰু পট্টি, শ্মশান পট্টি আদি ঠাইবিলাকত মুঠ ৫২খন পূজা মণ্ডপত খনিকৰসকলে দিনে নিশাই ব্যস্ত হৈ পৰিছে প্ৰতিমা নিৰ্মানত।
পূজা মণ্ডপ সমূহ কিমান আটক ধুনীয়াকৈ সজাব পাৰি তাকে লৈ চলিছে তীব্ৰ প্রতিযোগিতা। ইয়াৰ ভিতৰত নগৰখনৰ আটাইতকৈ পুৰণি বাৰোৱাৰী পূজা মন্দিৰটো পূৰ্বৰ ঐতিহ্য অটুট ৰখাৰ হেতুকে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে উদ্যোক্তা সকলে।
উল্লেখ্য যে, খাৰুপেটীয়া পূজা সমিতিৰ সভানেত্ৰী কৃষ্ণা সাহা, সুবোধ ঘোষ, শংকৰ কুমাৰ মিত্ৰ, অজিত কুমাৰ দত্ত ৰায়, অখিল চন্দ্ৰ সাহা, বিমল সাহা, আশীষ কুমাৰ নন্দী, পাৰ্থ চক্ৰৱৰ্তী আদি ব্যক্তি সকলে নিৰীক্ষণ কৰিছে পূজা মণ্ডপ সমূহ। উল্লেখযোগ্য যে, পূজাৰ কালছোৱাত দৰ্শনাৰ্থীৰ যাতায়তৰ সুবিধাৰ বাবে বাট-পথ সমূহো মেৰামতি কৰি থকাও পৰিলক্ষিত হৈছে।