
newsnextone.com | ওদালগুৰিঃ এগৰাকী শিক্ষাবিদৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰে ওদালগুৰিত৷ ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক মলয় কুমাৰ দত্তই দেওবাৰে মৃত্যুক আকোৱালি লয়৷ দীৰ্ঘদিন ধৰি ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন গ্ৰহণ কৰি থকা অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীয়ে ৬৩ বছৰ বয়সত নিয়তিৰ ওচৰত হাৰ মানে৷
১৯৫৫ চনৰ পহিলা জানুৱাৰীত জন্মগ্ৰহণ কৰা দত্তই টংলা হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষা আৰু সেই সময়ৰ কটন মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়। ইয়াৰ পাছত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীও লাভ কৰে। ইয়াৰ পাছত দত্তই আৰ্থিক অনাতনৰ পৰিপ্ৰেক্ষিতত ডাক সেৱাত যোগদান কৰি নিজৰ পৰিয়ালক পোহপাল দিছিল।
১৯৯০ চনৰ ৪ মে’ত ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ইংৰাজীৰ বিষয়ৰ শিক্ষক হিচাপে যোগদান কৰে। শিক্ষকতাৰ সময়চোৱাত ছাত্ৰ-ছাত্ৰীসকলক ইংৰাজী বিষয়ত অধিক পাৰ্গত কৰাৰ সংকল্প লৈ নিখুতভাৱে ইংৰাজী শিকোৱাৰ চেষ্টা চলাই সুফলতা লাভ কৰিছিল। সহকাৰী শিক্ষকসকলৰ সৈতেও সু-সম্পৰ্ক ৰক্ষা কৰি চলিছিল।
২০১৫ চনৰ ৩১ জানুৱাৰীত তাৰিখে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। কিন্তু অৱসৰৰ পাছতো নিজৰ পেঞ্চন সম্পৰ্কীয় কাম-কাজ শেষ হ’লে পুনৰ বিদ্যালয়খনত দুটাৰ পৰা তিনিটা শ্ৰেণীত পাঠদান কৰাৰ কথা আছিল ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত৷ এই কথা প্ৰকাশ কৰে বিদ্যালয় খনৰ অধ্যক্ষগৰাকীয়ে। কেইদিনমান বিদ্যালয়খনত পাঠদান কৰাৰ পাছত তেওঁ দূৰাৰোগ্য ৰোগত আক্ৰান্ত হয়।
দত্তই ওদালগুৰি এচবোফ'ৰ্ড একাডেমী, শংকৰদেৱ শিশু বিদ্যা নিকেতন, আৰ্টিষ্ট ভিলেজ, ওদালগুৰি টাউন প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ লগত জৰিত থকাৰ লগতে ওদালগুৰিৰ বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ সৈতেও জৰিত আছিল। শিক্ষকগৰাকীৰ মৃত্যুত ওদালগুৰিৰ বিভিন্ন দল-সংগঠন, শিক্ষক-শিক্ষয়ত্ৰী গভীৰ শোক প্ৰকাশ কৰে। মৃত্যুৰ সময়ত ইহসংসাৰত পত্নীসহ দুই পুত্ৰ সন্তানক এৰি থৈ যায়।