
ছিপাঝাৰঃ আপুনি ঘৰৰ পৰা ওলাই গৈ সুৰক্ষিত হৈ ওভতি আহিব পাৰিব নে৷ আপোনাৰ জীৱন সুৰক্ষিত নে৷ এনে বহু প্ৰশ্নই উত্থাপন হৈছে দৰং জিলাৰ মঙলদৈ থানাৰ অন্তৰ্গত ধৰিয়াই খাইটিৰ মেত চাপৰিবাসীৰ মনত৷
ৰ্দুবৃত্তই চোকা অস্ত্ৰৰে হত্যা কৰি এজন লোকক পানীৰ জুৱলিত পেলাই থৈ দিয়াৰ পাছৰে পৰা জীৱনৰ সুৰক্ষাক লৈ চিন্তিত হ’ব লগীয়া হৈছে মেত চাপৰিবাসী৷ দৰং জিলাৰ মঙলদৈ থানাৰ অন্তৰ্গত ধৰিয়াই খাইটিৰ মেত চাপৰি হত্যাকাণ্ডই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰো সৃষ্টি কৰিছে৷
মঙলদৈ সদৰ থানাৰ অন্তৰ্গত ধৰিয়াই খাইটি মেত চাপৰিত ৰ্দুবৃত্তই দাৰে ঘপিয়াই হত্যা কৰিলে হাজৰিকাপাৰাৰ কঢ়াপাৰা গাঁৱৰ বুল ডেকা নামৰ যুৱক জনক৷ প্ৰাত ভ্ৰমণলৈ অহা লোকে ব্ৰহ্মপুত্ৰৰ সুতীৰ পানী যুৱলীত ডিঙি কাটি পেলাই থোৱা মৃতদেহটো প্ৰত্যক্ষ কৰে৷
মৃতদেহৰ ওচৰত দা, চাৰ্ট আৰু এখন চাইকেল উদ্ধাৰ কৰা হৈছে৷ ঘটনা সন্দৰ্ভত মঙলদৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷ হত্যা কাণ্ডটোত লুহিত শইকীয়া নামৰ লোক এজন জড়িত থকা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে৷