
ডিজিটেল ডেস্কঃ চুবুৰীয়াৰ হাতত ধৰ্ষিতা হ’ল স্ত্ৰী। এই কথা সহ্য কৰিব নোৱাৰি আপোনঘাতী হয় এজন ব্যক্তি। মৰ্মান্তিক এই ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ ৰামনগৰ জিলাৰ চান্নাপাটনাত। অঞ্চলটোৰ ছিদ্দেশ নামৰ এজনক কৃষকক তেওঁৰ নিজৰ খেতিৰ মাটিত থকা এজোপা গছৰ ডালত চিপ লৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে।
প্ৰাপ্ত বাতৰি মতে, ধৰ্ষণৰ এই ঘটনা সংঘটিত হৈছিল যোৱা দেওবাৰে। সেইদিনা নিশা ঘৰত অকলে আছিল ছিদ্দেশৰ পত্নী। অকলে থকাৰ সুযোগ গ্ৰহণ কৰি গিৰিশা নামৰ তেওঁলোকৰ এজন প্ৰতিবেশীয়ে বলপূৰ্বক ঘৰত প্ৰৱেশ কৰি ছিদ্দেশৰ পত্নীক ধৰ্ষণ কৰে।
ধৰ্ষণৰ পিছত গিৰিশাই যেতিয়াই পলায়নৰ চেষ্টা কৰিছিল সেই মুহূৰ্ততে কোনো এক কামৰ পৰা আহি ঘৰ পাইছিল ছিদ্দেশ। লগে লগে তেওঁ গিৰিশাক গবা মাৰি ধৰি চিঞৰ-বাখৰ কৰে। কিন্তু গিৰিশাই ডেগাৰ দেখুৱাই ছিদ্দেশ আৰু তেওঁৰ পত্নীক ভয় খুওৱাৰ চেষ্টা কৰে। এই বিষয়ে মুখ খুলিলে প্ৰাণে মৰাৰো ভাবুকি প্ৰদান কৰে গিৰিশাই।
পিছদিনা গিৰিশাৰ বিৰুদ্ধে স্থানীয় আক্কুৰ আৰক্ষী থানাত অভিযোগ দাখিল কৰে ছিদ্দেশ আৰু তেওঁৰ পত্নীয়ে। উক্ত অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ২৮ বৰ্ষীয় গিৰিশাক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে পত্নী ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰিলেও সেই নিশাৰ ঘটনাটোক সহজভাৱে ল’ব নোৱাৰিলে ছিদ্দেশে।
এনেদৰে তীব্ৰ মানসিক চাপত ভুগি নিজৰ খেতিৰ মাটিত এজোপা ওখ গছত চিপ লৈ আত্মহত্যা সংঘটিত কৰে লোকজনে। ইফালে ছিদ্দেশে এনেদৰে আত্মহত্যা কৰাৰ কথা শুনা মাত্ৰকেই মূৰ্ছা গৈছে চুবুৰীয়াৰ হাতত ধৰ্ষিতা হোৱা তেওঁৰ পত্নী।