কোকৰাঝাৰঃ কোকৰাঝাৰ চহৰৰ ওমশ্ৰী হোটেলত এগৰাকী ব্যৱসায়ীয়ে চিপ লৈ আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ হোটেলখনৰ ১০২ নং কোঠালীৰ চিলিং ফেনত  চিপ লৈ আত্মহত্যা কৰা  যুৱক জনক কোকৰাঝাৰ চহৰৰ ৩ নং ৱাৰ্ডৰ ৰবীন্দ্ৰ নগৰৰ বাসিন্দা তথা স্থানীয় ব্যৱসায়ী হিমাংশু সুন্দৰ দেৱ (৩০) বুলি চিনাক্ত কৰা হৈছে ৷

হিমাংশুৰ ঘৰ চহৰৰ তিনি নং ৱাৰ্ডতে যদিও কালি নিশা সদৰ চহৰৰে ওমশ্ৰী হোটেলৰ ১০২ নং কোঠাৰ নৈশ যাপন কৰিছিল। আজি পুৱা হিমাংশুৰ বন্ধুসকলে তেওঁক লগ ধৰিবলৈ অাহি দৰজাত টোকৰ মাৰে যদিও কোনো সঁহাৰি নোপোৱাত হোটেল কৰ্তৃপক্ষক অৱগত কৰে।

হোটেলৰ কৰ্মচাৰীয়ে সন্দেহবশত ভেণ্টিলেটৰেৰে জুমি চোৱাত চিলিং ফেনত যুৱকগৰাকী ওলমি থকা প্ৰত্যক্ষ কৰে। চিলিং ফেনত যুৱকজন ওলমি থকা প্ৰত্যক্ষ কৰি মুহূৰ্ততে হুৱা-দুৱা লাগে আৰু হোটেল কৰ্তৃপক্ষই আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ কোঠাৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰে আৰু দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ নমাই মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ  কৰে। দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে কোঠাটোত তালাচী চলাই ছুইচাইড নোটৰ লগতে মদৰ বটল আৰু কিছু খাদ্য-সামগ্ৰীও  উদ্ধাৰ কৰিছে।

ছুইচাইড নোটত উল্লেখ থকা অনুসৰি  জয়ন্ত সাহা নামৰ এগৰাকী ব্যক্তিৰ পৰা মাহত ৪০% শতকৰা সুদত তেওঁ ঋণ লৈছিল আৰু নিজৰ বিবাহিত জীৱনৰ প্ৰতি সুখী নহয় বুলি উল্লেখ কৰিছে। লগতে ধৰ্মৰ নিয়ম-নীতিয়ে তেওঁৰ জীৱন ধ্বংস কৰা বুলিও ছুইচাইড নোটত উল্লেখ কৰিছে। 

কোকৰাঝাৰ সদৰ চহৰত ষ্টেচনাৰী দোকান দি পৰিয়াল পোহপাল দিয়া অতি অমায়িক স্বভাৱৰ হিমাংশুৰ আত্মহত্যাৰ ঘটনাই ব্যৱসায়ীসকলক হতচকিত কৰি তুলিছে। মাত্ৰ এটা বছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হোৱা হিমাংশুৰ অকাল মৃত্যুত স্থানীয় ব্যৱসায়ীসকল শোক প্ৰকাশ শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।