
newsnextone.com | আমগুৰিঃ ৰাজ্যৰ স্বাস্থ্য বিভাগৰ জনহিতকৰ আঁচনিয়ে ঢুকি নাপায় গ্ৰাম্যাঞ্চলৰ বাসিন্দাক। বিভিন্ন মাৰাত্মক ৰোগৰ প্ৰতিষেধক প্ৰদানৰ নামত ৰাজকোষৰ কোটি কোটি টকা ব্যয় কৰাৰ পাছতো কিন্তু ৰোগাক্ৰান্ত হৈ দৈনিক ৰাজ্যত মানুহ মৰিয়েই আছে।
মঙলবাৰৰ পুৱা অসম চিকিৎসা মহাবিদ্যালয়ত এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় আমগুৰিৰ এজন যুৱকৰ। দোপদৰ কুকুৰাছোৱা গাঁৱৰ যুৱকজন কিছুদিন ধৰি ৰোগত আক্ৰান্ত হৈ থকাৰ বাবে পৰিয়ালৰ লোকে সোমবাৰৰ দিনা স্থানীয় চিকিৎসকৰ পৰামৰ্শ অনুযায়ী ডিব্ৰুগড়স্থিত অসম চিকিৎসালয়ত ভৰ্তি কৰিছিল।
কিন্তু এটা দিন চিকিৎসালয়ত থাকিয়েই মৃত্যু হয় যুৱকজনৰ। মৃত যুৱকজনৰ ঘৰৰ সমীপতে দোপদৰ ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়খন আছে যদিও চিকিৎসা গ্ৰহণৰ কোনো সুবিধাই নাই এই চৰকাৰী চিকিৎসালয়খনত।
আনহাতে সমীপৰে এটা উপ স্বাস্থ্য কেন্দ্ৰত এনকেফেলাইটিছ ৰোগৰ প্ৰতিষেধক প্ৰদান কৰা হৈছিল যদিও এই সেৱাৰ পৰা মৃত জোন ভঁৰালীৰ লগতে একাংশ লোক বঞ্চিত হোৱাৰ অভিযোগ স্থানীয় লোকৰ।