লাহোৱালঃ সকলো শিশুৰ এজন পৰিচিত ব‍্যক্তি গুড মৰ্ণিং ককা। ১৯৩২ চনৰ ৬ এপ্ৰিল তাৰিখে মদাৰখাতৰ হাটখোলা গাঁৱত জন্মগ্ৰহণ কৰা হেমচন্দ্ৰ দত্ত‌ৰ এক সুকীয়া নাম গুড মৰ্ণিং ককা ওৰফে ইংলিচ মেন। স্কুলীয়া শিক্ষা শেষ নৌহওঁতেই বিধবা মাতৃৰ স'তে বায়েক দুগৰাকীক ভৰণ-পোষণ দিবৰ বাবে মোহনবাৰী চাহ বাগিচাত চাকৰি কৰিবলৈ লয়।

তাৰ পাছত প্ৰৱেশিকা পাছ কৰি ঘোঁৰামৰা প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা আৰম্ভ কৰে। কিছুদিন শিক্ষকতা কৰাৰ পাছত ডিব্ৰুগড়ৰ বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ৰ এজন নিম্নবৰ্গৰ সহায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰে। পিছত তিনিচুকীয়া জিলা গঠন হোৱাত তিনিচুকীয়া ডি আই অফিচত কাৰ্যালয় সহায়ক হিচাপে যোগদান কৰে। সেই সময়তে তেখেতে প্ৰাইভেটকৈ পঢ়ি আই এ আৰু বি এ পাছ কৰে।

ভাওনা সংস্কৃতিৰ প্ৰতি তেখেতৰ অগাধ হেঁপাহ। ডেকা অৱস্থাত ৰজা আৰু দেৱতাৰ ভাও, পিছলৈ ঋষি মুনিৰ ভাও লৈ দৰ্শকক যথেষ্ট আমোদ দিছিল। চুটি চাপৰ অমায়িক মানুহজনৰ বয়সৰ চাপে প্ৰভাৱ পেলাব পৰা নাছিল। মৃত্যুৰ এবছৰ আগলৈকে চাইকেলখন চলাবলৈ তেখেতে এৰা নাছিল।

শিশুসকলক তেখেতে খুব মৰম কৰিছিল। ৰাস্তাত আহি থাকোঁতে সকলোকে এষাৰ মাত দিছিল। কণ কণ শিশুৰপৰা ছাত্র-ছাত্ৰীসকলৰ লগত সদায় ইংৰাজীত কথা বাৰ্তা আৰম্ভ কৰিছিল। শিশু সকলক লগ পালেই গুড মৰ্ণিং (ইভিনিং) দিয়াৰ স্বভাৱটো গঢ়ি তুলিছিল। তেখেতক দেখা মাত্ৰেই শিশুসকলে গুড মৰ্ণিং  ককা বুলি চিঞৰিছিল। তেখেতে নিতৌ পুৱাই ৰাস্তাৰ কাষৰ দোকানলৈ ওলাই আহিছিল সকলোকে গুড মৰ্ণিং দি এগাল মৰ্টন কিনি লৈ আহিছিল। শিশু বিলাকো ৰাস্তাত ৰৈ থাকে মৰ্টনৰ আশাত।

সেইজন ককা ১৯৯০ চনত অৱসৰ গ্ৰহণ কৰি গাৱঁৰ সমাজৰ গাওঁবুঢ়া হিচাপে সময় অতিবাহিত কৰে। তেখেতে কেইবাটাও বছৰ মদাৰখাত এচ আৰ চি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিদ্যালয় পৰিচালনা সমিতি আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰৰ সদস‍্য আছিল।

সেইজন ককাই যোৱা ৮ চেপ্তেম্বৰ বাৰ্ধক‍্যজনিত কাৰণত মৃত্যুবৰণ কৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৯৫ বছৰ। মৃত্যুৰ সময়ত তেখেতে ইহ সংসাৰত তিনিজন পুত্ৰ, চাৰিগৰাকী জী , নাতি-নাতিনী আৰু আজো নাতি এৰি থৈ গৈছে। অঞ্চলৰ বিভিন্ন সংগঠন তথা ৰাইজে শোক প্ৰকাশ কৰিছে।