
নামতিঃ শিৱসাগৰ জিলাৰ গেলেকীৰ হাতীপটী জ্যোতি নগৰ মছজিদ তিনিআলিত ২৯ ছেপ্টেম্বৰত এক বাইক দূৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আহত হোৱা জাকিৰ হুছেইন (২৯) নামৰ যুৱকজনে উপযুক্ত চিকিৎসাৰ অভাৱতে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে।
প্রাপ্ত অভিযোগ অনুসৰি, গেলেকী চুতীয়া গাঁৱৰ ১ নং জি জি এচৰ সন্মূখৰ ৰেজিমৎ আলীৰ জ্যেষ্ঠ পুত্ৰ জাকিৰ হুছেইনে উক্তদিনা নিজৰ AS-04Q-0194 নম্বৰৰ হিৰ' গ্লেমাৰ বাইক খনেৰে হাতীপটী অভিমূখে গৈ থাকোঁতে দিনৰ প্ৰায় এঘাৰ বজাত জ্যেতিনগৰ মছজিদ তিনিআলিত বিপৰীত দিশৰ পৰা তীব্ৰ বেগেৰে অহা AS-04P-0827 নম্বৰৰ টি ভি এছ ষ্টাৰ চিটি বাইক এখনে প্ৰচণ্ড জোৰেৰে খুন্দা মৰাত জাকিৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
স্থানীয়লোকে যুৱকজনক ততাতৈয়াকৈ গেলেকী প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে প্ৰাথমিক চিকিৎসা কৰি জয়সাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। কিন্তু মূৰত গুৰুতৰ ভাৱে আঘাত পোৱাৰ বাবে কিছু সময় চিকিৎসাৰ পাছত চিকিৎসকে পুনৰ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰাত পৰিয়ালৰ লোকে সেইদিনা নিশা প্রায় সাত বজাত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ জৰুৰীকালীন কক্ষত ভৰ্তি কৰে।
কিন্তু যুৱক জনৰ গুৰুতৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি আই চি ইউত ৰাখি চিকিৎসা কৰাৰ প্ৰয়োজন আছিল যদিও চিকিৎসকে আই চি ইউত চিট খালী নাই বুলি কৈ জৰুৰীকালীন কক্ষতে উপযুক্ত চিকিৎসা অবিহনে ৰাখে। যাৰ ফলত যুৱকজনে নিশা প্রায় ১২-৩০ বজাত কৰুণ মৃত্যুক সাৱতি লব লগা হয় বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে।
এনে ঘটনাই পৰিয়ালটোৰ লগতে সমগ্র গেলেকীবাসীকে মৰ্মাহত কৰিছে। জাকিৰ হুছেইনে মৃত্যুৰ সময়ত পিতৃ, মাতৃ, ভাতৃৃ আৰু পত্নী সহ এটি দুবছৰীয়া কন্যা শিশুৰ লগতে বহুতো আত্মীয়ক ইহ-সংসাৰত এৰি থৈ গৈছে।
আজি আৰক্ষী সূত্রে জনিব পৰা মতে, দূর্ঘটনাত পতিত হোৱা আনজন যুৱক বর্তমান চিকিৎসাধীন হৈ আছে। ইফালে, জাকিৰ হুছেইনৰ দদায়েক আজমৎ আলীয়ে গেলেকী আৰক্ষী থানাত বিপৰীত দিশৰ পৰা আহি দূৰ্ঘটনা সংঘটিত কৰা হেমন্ত গগৈ নামৰ বাইক আৰোহীজনৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত ২৭৯ ধাৰাত ১২১/১৭ নম্বৰৰ গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে।